NORTHEAST NOW (Assamese)
Popular Stories

আদানীৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰি এতিয়া বিপদত সাংবাদিক: এবছৰৰ কাৰাদণ্ডৰ লগতে ভৰিব লাগিব জৰিমনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2026 5:00 pm
আদানীৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰি এতিয়া বিপদত সাংবাদিক: এবছৰৰ কাৰাদণ্ডৰ লগতে ভৰিব লাগিব জৰিমনা

আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ বিৰুদ্ধে ভুৱা আৰু মানহানিকাৰক তথ্য প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত সাংবাদিক ৰবি নায়াৰক আদালতে দোষী সাব্যস্ত কৰিছে। গুজৰাটৰ গান্ধীনগৰৰ এখন আদালতে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সাংবাদিকগৰাকীক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ৫ হাজাৰ টকাৰ জৰিমনাও বিহা হৈছে। আদানীৰ দৰে এটা বৃহৎ উদ্যোগিক গোটৰ ভাবমূৰ্তি ইচ্ছাকৃতভাৱে কলংকিত কৰিবলৈ চেষ্টা কৰাৰ পৰিণাম হিচাপে এই সিদ্ধান্ত লোৱা হৈছে।

আদানী গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী আদানী এণ্টাৰপ্ৰাইজ লিমিটেডে দাখিল কৰা অভিযোগ অনুসৰি, ৰবি নায়াৰে দীৰ্ঘদিন ধৰি ছচিয়েল মিডিয়া প্লেটফৰ্মত ধাৰাবাহিকভাৱে ভুৱা টুইট প্ৰকাশ কৰি আহিছিল। এই টুইটবোৰত কেৱল অপমানজনক মন্তব্যই নাছিল, বৰঞ্চ জনমানসত আৰু বিনিয়োগকাৰীৰ মাজত কোম্পানীটোৰ বিশ্বাসযোগ্যতা হেৰুওৱাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰও আছিল বুলি আদানী গোটৰ তৰফৰ পৰা আদালতত যুক্তি দৰ্শানো হয়। কোম্পানীটোৰ মতে এয়া কোনো যুক্তিসংগত সমালোচনা নাছিল, বৰঞ্চ কোম্পানীৰ ব্যৱসায়িক ক্ষতি কৰাৰ এক উদ্দেশ্যপ্ৰণোদিত প্ৰয়াসহে আছিল।

বিচাৰ প্ৰক্ৰিয়াৰ অন্তত জিলা দণ্ডাধীশগৰাকীয়ে মন্তব্য কৰে যে এজন সাংবাদিক হিচাপে ৰবি নায়াৰৰ সমাজত এক বিশেষ দায়িত্ব আছে। ডিজিটেল প্লেটফৰ্মত যিকোনো মন্তব্য কৰাৰ আগতে তেওঁ অধিক সচেতন আৰু দায়িত্বশীল হোৱা উচিত আছিল। কাৰোবাৰ ভাবমূৰ্তি নষ্ট কৰিব পৰা কোনো অপ্ৰমাণিত তথ্য প্ৰকাশ কৰাটো অপৰাধ হিচাপে গণ্য কৰি আদালতে জনাই যে আদানী কোম্পানীয়ে নিজৰ যুক্তি সফলতাৰে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। সেয়েহে অপৰাধমূলক মানহানিৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰি কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা বিহা হৈছে।

আদালতৰ এই কঠোৰ ৰায়দানৰ পিছত সাংবাদিক ৰবি নায়াৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ বিখ্যাত কবি ফৈজ আহমেদ ফাইজৰ কবিতাৰ জনপ্ৰিয় শাৰী ‘হাম দেখেংগে’ উল্লেখ কৰি নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত এটা প’ষ্ট শ্বেয়াৰ কৰিছে। এই ঘটনাই বৰ্তমান সাংবাদিকতা আৰু সামাজিক মাধ্যমৰ বাক-স্বাধীনতাৰ লগতে দায়িত্ববোধৰ বিষয়টোক লৈ চৰ্চাৰ সৃষ্টি কৰিছে।