NORTHEAST NOW (Assamese)

সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত টীয়কত সাংবাদিকৰ বিক্ষোভ

July 17, 2020 7:30 pm · নিৰ্মলেন্দু পাঠক
ফটো-নৰ্থ-ইষ্ট নাও

বনজ সম্পদ লুণ্ঠন আৰু গৰুৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ কৰা বাবে প্ৰশাসনৰ ৰোষত পৰিল ধুবুৰীৰ এজন সাংবাদিক ।

ৰাজীৱ শৰ্মা নামৰ সাংবাদিক জনে এটা ছিণ্ডিকেট চক্ৰৰ বাতৰি ধাৰাবাহিক ভাবে প্ৰচাৰ কৰিছিল আৰু সম্প্ৰচাৰিত সমগ্ৰ বাতৰি সম্পৰ্কত এজন বন বিভাগৰ বিষয়াই দিয়া এজাহাৰৰ ভিত্তিত সাংবাদিক শৰ্মাক গ্ৰেপ্তাৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসমৰ সাংবাদিক মহল।

আজি সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্ট য়ুনিয়ন ( আপকু )ৰ যোৰহাট জিলা সমিতি আৰু টীয়ক প্ৰেছ ক্লাৱে টীয়কৰ মাজ মজিয়াত অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে চক্ৰ বিষয়া আকাশী দুৱৰাৰ যোগেদি জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

সাংবাদিক সকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এনে ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে সাংবাদিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ।

টীয়কৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক সকলে ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰশাসনৰ উক্ত কাৰ্য্যক গৰিহনা দিয়ে।

Related News