NORTHEAST NOW (Assamese)

আইআইটি গুৱাহাটীৰ চৌহদত সাংবাদিকৰ প্ৰৱেশত বাধা দিয়া কাৰ্যক গৰিহণা জানেলিষ্ট ইউনিয়ন অৱ আসামৰ

September 12, 2024 7:45 pm · এন ই নাও নিউজ, গুৱাহাটী

আইআইটি গুৱাহাটীৰ চৌহদত সাংবাদিকৰ প্ৰৱেশত বাধা দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে জানেলিষ্ট ইউনিয়ন অৱ আসামে।

আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তত তীব্ৰ গৰিহণা দি জানেলিষ্ট ইউনিয়ন অৱ আসামৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে এক বিবৃতিত কয় যে এই কাৰ্যৰ দ্বাৰা সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছে।। যিকোনো কাৰণতে আই আই টি গুৱাহাটী কৰ্তৃপক্ষৰ এনে সিদ্ধান্ত মানি লব নোৱাৰি।

জানেলিষ্ট ইউনিয়ন অৱ আসামে এই অবাঞ্চিত নিষেধাজ্ঞা অনতিপলমে প্ৰত্যাহাৰ কৰিবলৈ আই আই টি গুৱাহাটী কৰ্তৃপক্ষক আহ্বান জনায়।

Related News