NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত আক্ৰমণ, অবৈধ চাউল ব্যৱসায়ীৰ আক্ৰমণৰ বলি সাংবাদিক

January 25, 2022 4:58 pm · পুলেন্দ্ৰ দাস, বৰপেটা

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে সংবাদকৰ্মীৰ ওপৰত শাৰীৰিক আক্ৰমণৰ ঘটনা। এইবাৰ অবৈধ চাউল ব্যৱসায়ীৰ আক্ৰমণৰ বলি হৈছে এগৰাকী সাংবাদিক।

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে অবৈধ চাউল ব্যৱসায়ৰ সৈতে জড়িত চাউল ডিলাৰে।

এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ পালহাজীৰ সমীপৰ গৰেমাৰীত৷

সাংবাদিক শ্বেখ ৰহমত উল্লাহৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়৷

আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সাংবাদিক শ্বেখ ৰহমত উল্লাহ৷

বৰপেটা জিলাৰ গৰেমাৰীত সংঘটিত হৈ থকা চোৰাং চাউল ব্যৱসায়ৰ ওপৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিক গৰাকীৰ ওপৰত চাউল ডিলাৰে অতৰ্কিত আক্ৰমণ কৰে৷

আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বেখ ৰহমত উল্লাহক স্থানীয় ৰাইজে সংকটজনক অৱস্থাত গৰেমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷

ঘটনাত জড়িত চোৰাং চাউলৰ ব্যৱসায়ী ডিলাৰৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

Related News