NORTHEAST NOW (Assamese)

বোকাখাতৰ অসামৰিক চিকিৎসালয়ত পীযুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন; চিকিৎসকক নিলম্বন 

June 13, 2019 2:42 pm · উত্তম শইকীয়া

বোকাখাত চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই আজি পুৱা আকস্মিক পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত চিকিৎসালয়খনত ১১ গৰাকী চিকিৎসকৰ  মাত্ৰ ৩গৰাকী চিকিৎসকহে উপস্থিত থকা বুলি শুনি আশ্চৰ্য্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে কৰ্তব্যত কৰা গাফিলতিৰ বাবে বোকাখাত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা০ অজিত দ’লে আৰু ডা০ নিলীমা ফুকনক শাস্তিমুলক বদলি আৰু চিকিৎসালয়খনৰ দন্ত চিকিৎসক ডা০ উদিপ্ত দাসক চাকৰিৰ পৰা নিলম্বন কৰে।

ইফালে ৰোগীক দিয়া প্ৰেচকিপচনত ঔষধৰ ব্ৰেণ্ড লিখাৰ বাবে এগৰাকী মহিলা চিকিৎসকক এনে নকৰিবৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে। তদুপৰি প্ৰতিখন চিকিৎসালয় পৰিচালনাৰ বাবে চৰকাৰে প্ৰতি বছৰে চিকিৎসালয়লৈ ৫ লাখকৈ টকা প্ৰেৰণ কৰে বুলি উল্লেখ কৰি ইয়াৰ পিছতো চিকিৎসালয় পৰিচালনাত হোৱা অৰাজকতাত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

চিকিৎসালয় পৰিদৰ্শন কৰাৰ উপৰিও মন্ত্ৰী গৰাকীয়ে কহঁৰাৰ আদৰ্শ চিকিৎসালয় আৰু বোকাখাতৰ অসামৰিক চিকিৎসালয়ৰ গৃহ নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে।

Related News