NORTHEAST NOW (Assamese)

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

August 5, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 4, 2025 7:52 pm

বহুতৰে ঘৰত বহি সম্পূৰ্ণ আহাৰ খোৱাৰ পিছত জিৰণি লোৱাৰ অভ্যাস আছে। কিন্তু আগতেও কোৱা হৈছে যে অলপ খোজ কাঢ়িলে শৰীৰৰ বাবে উপকাৰী হব পাৰে। এতিয়া এক অধ্যয়নত দেখা গৈছে যে খাদ্য খোৱাৰ পিছত মাত্ৰ ২ৰ পৰা ৫ মিনিট খোজ কাঢ়িলেও তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি।

২০২২ চনত স্পৰ্টছ মেডিচিন আলোচনীত প্ৰকাশিত এক মেটা অধ্যয়নত কোৱা হৈছে যে খোজ কঢ়া বা থিয় হোৱা দুয়োটাই বহি থকাৰ তুলনাত তেজৰ গ্লুকজৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। অৱশ্যে লঘু খোজ কঢ়াটোৱেই আটাইতকৈ উপকাৰী। অধ্যয়নটোত দেখা গৈছে যে দীৰ্ঘ সময় বহি থকাৰ পৰিৱৰ্তে নিয়মিতভাৱে থিয় হৈ থাকিলে তেজৰ গ্লুকজৰ মাত্ৰা গড়ে ৯.৫১% হ্ৰাস পায়। কিন্তু সেই সময়ত যদি আপুনি লাহে লাহে খোজ কঢ়ায় তেন্তে আপোনাৰ গ্লুকজৰ মাত্ৰা প্ৰায় ১৭.০১% হ্ৰাস পায়।

আয়াৰলেণ্ডৰ লিমেৰিক বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী ছাত্ৰ তথা অধ্যয়নৰ সহ-লেখক আইডান বাফীয়ে কয় যে, গোটেই দিনটো বা খাদ্য খোৱাৰ পিছত থিয় হৈ বা অলপ খোজ কাঢ়িলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হব পাৰে।

এই খোজ কঢ়াটো কিয় ইমান গুৰুত্বপূৰ্ণ?

খাদ্য খোৱাৰ ৬০ৰ পৰা ৯০ মিনিটৰ ভিতৰতে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। এই সময়ত শৰীৰ লৰচৰ কৰিলে চেনিৰ মাত্ৰা লাহে লাহে বৃদ্ধি আৰু কমি যায়। ফলত ইনচুলিনৰ প্ৰয়োজনীয়তাও সুস্থিৰ হৈ পৰে। ইনচুলিনৰ মাত্ৰাত দ্ৰুত উঠা-নমা হলে ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ব্যায়াম বিশেষজ্ঞসকলৰ মতে আমাৰ পেশীবোৰে কাম কৰিলে তেজৰ পৰা গ্লুকজ আহৰণ কৰে। এই কাৰণেই দৌৰবিদসকলে দৌৰৰ আগতে কাৰ্বো-লোডিং কৰে।

খোজ কঢ়াটো কিমান ফলপ্ৰসূ?

অধ্যয়নত অংশগ্ৰহণকাৰীসকলক দিনটোত প্ৰতি ২০-৩০ মিনিটৰ মূৰে মূৰে ২-৫ মিনিট থিয় হবলৈ বা খোজ কাঢ়িবলৈ কোৱা হৈছিল। অৰ্থাৎ তেওঁলোকক গোটেই দিনটো মুঠ ২৮ মিনিট থিয় হৈ বা খোজ কাঢ়িবলৈ কোৱা হৈছিল। দেখা যায় যে খোজকাঢ়ি যোৱাসকলৰ তেজৰ চেনিৰ পৰিমাণ তুলনামূলকভাৱে লাহে লাহে বৃদ্ধি আৰু কমি যায় আৰু ইনচুলিন ব্যৱহাৰত স্থিৰতা বজাই ৰাখে।

দীৰ্ঘম্যাদী লাভ

কেৱল তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাই নহয়, নিয়মিত লঘু শাৰীৰিক কাৰ্য্যকলাপে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। যেনে: ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক, কিছুমান প্ৰকাৰৰ কেন্সাৰ, হাড়ৰ দুৰ্বলতা, হতাশা আদি বিশ্ব স্বাস্থ্য সংস্থা আৰু চিডিচিয়ে কয় যে প্ৰতি সপ্তাহত ১৫০ মিনিট মধ্যমীয়া শাৰীৰিক কাৰ্যকলাপ আৰু সপ্তাহত ২ দিন পেশী শক্তিশালী কৰা ব্যায়াম কৰিলে যিকোনো কাৰণত মৃত্যুৰ সম্ভাৱনা প্ৰায় ৩৩% হ্ৰাস পায়।

গতিকে পিছৰবাৰ খাদ্য শেষ কৰিলে চোফাত বহি নাথাকিব। থিয় হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰকযদিও মাত্ৰ ২ মিনিট। কাৰণ এই সৰু অভ্যাসে আপোনাক দীৰ্ঘম্যাদী সুস্বাস্থ্য দিব পাৰে।

স্বাস্থ্য সজাগতাৰ প্ৰথম পদক্ষেপ দুমিনিটৰ খোজৰ পৰা আৰম্ভ কৰিব লাগে।

Related News