NORTHEAST NOW (Assamese)
Popular Stories

চীফ জাষ্টিছ সঞ্জীৱ খান্নাৰ পাছত ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই-এ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 16, 2025 3:10 pm
চীফ জাষ্টিছ সঞ্জীৱ খান্নাৰ পাছত ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই-এ

২০২৫ চনৰ ১৩ মেত ন্যায়াধীশ সঞ্জীৱ খান্নাই অৱসৰ লোৱাৰ পিছত ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ গাৱাইক নিযুক্তি দিবলৈ ন্যায়াধীশ খান্নাৰ পৰামৰ্শ অতি সোনকালে চৰকাৰে লাভ কৰিব। ১৪ মেৰ পৰা আৰম্ভ হব তেওঁৰ কাৰ্যকাল, যি কাৰ্যকাল ২০২৫ চনৰ ২৩ নৱেম্বৰলৈকে থাকিব।

উল্লেখ্য যে গাভাই-এ আইনী পটভূমিৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেতে ২০১৯ চনত বম্বে উচ্চ ন্যায়ালয় আৰু পাছলৈ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পূৰ্বে মহাৰাষ্ট্ৰত অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।