NORTHEAST NOW (Assamese)

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

May 17, 2022 8:29 pm · এন ই নাও নিউজ, গুৱাহাটী

ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়াক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।

ন্যায়াধীশ ছায়া বৰ্তমান গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ন্যায়াধীশ ছায়াই বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ এন কটিশ্বৰ সিঙৰ স্থান ল’ব।

উল্লেখ্য যে ন্যায়াধীশ ছায়াই ১৯৮৪ চনত গুজৰাটৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে যোগদান কৰিছিল আৰু মেচাৰ্ছ ৱাই জে ত্ৰিবেদী, ট্ৰেড মাৰ্ক এটৰ্ণী, পূৰ্ণানন্দ এণ্ড কোম্পানী গভৰ্ণমেন্ট ছলিচিটৰৰ কাৰ্যালয়ত যোগদান কৰিছিল।

তাৰ পিছত তেওঁ ১৯৯১ চনত গুজৰাট উচ্চ ন্যায়ালয়ত সহকাৰী চৰকাৰী প্লিডাৰ আৰু অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্ত হয়।

১৯৯৫ চনৰ মাৰ্চলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকে।

২০১১ চনৰ ১৭ ফেব্ৰুৱাৰীত তেওঁক গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল।

পিছত ২০১৩ চনৰ ২৮ জানুৱাৰীত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।

Related News