NORTHEAST NOW (Assamese)

চৰকাৰী মুৰব্বীৰ সৈতে ন্যায়াধীশৰ সাক্ষাতৰ অৰ্থ এইটো নহয় যে কোনো চুক্তি হৈছে: ডিৱাই চন্দ্ৰচূড়

October 30, 2024 9:24 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে স্পষ্ট কৰি দিছে যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে যেতিয়াই ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰৰ মুৰব্বীক সাক্ষাৎ কৰে তেতিয়া তেওঁলোকে কেতিয়াও বিচাৰাধীন গোচৰৰ বিষয়ে আলোচনা নকৰে।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি তেওঁ কয় যে বৈঠকসমূহ প্ৰায়ে প্ৰশাসনিক বিষয়ৰ সৈতে জড়িত আৰু ইয়াৰ অৰ্থ এইটো নহয় যে কিছুমান চুক্তি হৈছে।

ন্যায়াধীশ চন্দ্ৰচূড়ে স্পষ্ট কৰি দিয়ে যে এনে বৈঠক প্ৰয়োজনীয় কাৰণ চৰকাৰেহে ন্যায়পালিকাৰ বাজেট গৃহীত কৰে।

ন্যায়পালিকাৰ সম্পূর্ণ স্বতন্ত্র বুলি জোৰ দি তেওঁ আৰু কয় যে প্রশাসনিক পর্যায়ত ন্যায়পালিকা আৰু চৰকাৰৰ কাম-কাজৰ মাজত এক আন্তঃসম্পর্ক আছে৷

জনা যায় যে যোৱা মাহত বিৰোধীয়ে চিজেআই চন্দ্ৰচূড়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু ন্যায়পালিকাৰ স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ পূজাৰ বাবে তেওঁৰ বাসগৃহলৈ গৈছিল। এই ভ্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে সাংবিধানিক কৰ্তৃপক্ষ আৰু ৰাজনৈতিক নেতাৰ মাজত এনেধৰণৰ আলোচনাই ন্যায়পালিকাৰ প্ৰতি থকা আস্থা দুৰ্বল কৰি তুলিব পাৰে বুলি কৈছিল।

তদুপৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু বিশিষ্ট অধিবক্তাই এই ভ্ৰমণ ৰাজহুৱা কৰিব লাগিছিল নেকি আদি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল। ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গণপতি পূজাৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ঘৰলৈ যোৱাৰ ভিডিঅ’ পোহৰলৈ আহিছিল।

উল্লেখ্য যে অহা ১০ নৱেম্বৰত ন্যায়াধীশ চন্দ্ৰচূড়ে চিজেআইৰ পদৰ পৰা অৱসৰ ল’ব। ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না। ১১ নৱেম্বৰত শপত গ্ৰহণ কৰিব।

Related News