NORTHEAST NOW (Assamese)
দেশ

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 23, 2025 8:50 pm

হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পাকিস্তানত চোৰাংচোৱাগিৰিৰ বহু তথ্য এতিয়া ৰাজহুৱা কৰা হৈছে। তদন্তকাৰীয়ে এতিয়া জানিব পাৰিছে যে জ্যোতিয়ে পাকিস্তানৰ আই এছ আইৰ সদস্য আলী হাছানৰ সৈতে হোৱাটছএপত কি কথা পাতিছিল। জানিব পৰা মতে, জ্যোতিয়ে আলীক বিয়াৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পৰাই স্পষ্ট যে জ্যোতিয়ে জীৱনৰ বাকী সময়খিনি পাকিস্তানত কটাব বিচাৰিছিল।

বুধবাৰে একাধিক ভাৰতীয় সংবাদ মাধ্যমে জ্যোতি আৰু আলীৰ হোৱাটছএপ আড্ডা ফাদিল হোৱা বুলি প্ৰকাশ কৰে। তদন্তকাৰীয়ে জনোৱা মতে, দুয়োৰে বাৰ্তালাপৰ পৰা এইটো স্পষ্ট যে জ্যোতিয়ে ইছলামাবাদত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। আনকি, জ্যোতিয়ে আলীক ভাৰতীয় সামৰিক বাহিনীৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল।

যোৱা সপ্তাহত আৰক্ষীয়ে জ্যোতিক গ্ৰেপ্তাৰ কৰিছিল। পাকিস্তানত চোৰাংচোৱাগিৰিৰ অভিযোগৰ তদন্ত চলি আছে এন আই এ আৰু আই বিয়ে। তদন্তকাৰীয়ে জ্যোতিৰ চাৰিটা বেংক একাউণ্টৰ সন্ধান পোৱা বুলি জানিবলৈ দিয়ে। সূত্ৰ অনুসৰি, জেৰাৰ সময়ত জ্যোতিয়ে স্বীকাৰ কৰে যে তেওঁৰ নিয়মীয়াকৈ পাকিস্তানী আই এছ আই এজেণ্টৰ সৈতে যোগাযোগ আছিল। তেওঁ ৰাষ্ট্ৰীয় বিৰোধী তথ্য সৰবৰাহ কৰিছিল। হোৱাটছএপ, স্নেপচ্যাট, টেলিগ্ৰামৰ জৰিয়তে তেওঁ যোগাযোগ ৰাখিছিল।লগতে জ্যোতিয়ে কয় যে দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়া ডেনিছক বহুবাৰ লগ পোৱাৰ লগতে ফোনযোগে যোগাযোগত আছিল। ডেনিছে জ্যোতিক আলীৰ লগত কথা পাতিবলৈ বাধ্য কৰাইছিল। আলীয়েই জ্যোতিক পাকিস্তানত থকা আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। আলীয়ে পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতেও জ্যোতিৰ চিনাকি কৰাই দিছিল।