NORTHEAST NOW (Assamese)

জ্যোতিপ্ৰসাদ মেধি গাণিতিক বিজ্ঞান বঁটা প্ৰবৰ্তনৰ ঘোষণা

March 29, 2024 5:22 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: March 30, 2024 5:07 pm

চলিত বৰ্ষৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধেয় গণিতজ্ঞজনৰ সোঁৱৰণত “জ্যোতি প্ৰসাদ মেধি গাণিতিক বিজ্ঞান বঁটা” প্ৰৱৰ্তন কৰাৰ দিহা কৰিছে তেখেতৰ পৰিয়ালবৰ্গই। ১৯২৪ চনৰ ১ জুলাই তাৰিখে অসমৰ ৰামদিয়াত জন্মগ্ৰহণ কৰা অধ্যাপক জ্যোতিপ্ৰসাদ মেধি পৰিসংখ্যা বিজ্ঞানৰ বিশ্ববিখ্যাত পণ্ডিত। ১৯৫৬ চনত পেৰিছ বিশ্ববিদ্যালয় (চৰবন)ৰ পৰা সন্মানীয় ডি. এচ-ছি উপাধি লাভ কৰাৰ পিছত মেধি ডাঙৰীয়াই অসমলৈ উভতি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ অধ্যাপনা কৰে আৰু পিছলৈ তেখেতে পৰিসংখ্যা বিভাগৰ মূৰব্বী, বিজ্ঞান অনুষদৰ ডীন, আৰু ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্বও বহন কৰে । তেখেতৰদ্বাৰা ৰচিত ষ্টোকাষ্টিক প্ৰচেছ আৰু কিউইং থিয়ৰী বিষয়ক পাঠ্যপুথি সমূহ বিশ্বৰ বহু শৈক্ষিক প্ৰতিষ্ঠানত পাঠদানৰ বাবে বহুলভাৱে ব্যৱহৃত হৈ আহিছে । ২০১৭ চনৰ ৩ ফেব্ৰুৱাৰীত, ৯২ বছৰ বয়সত তেখেতৰ মৃত‌্যু হয়।

 ৪০ বছৰ বা তাতকৈ কম বয়সৰ এগৰাকী গাণিতিক বিজ্ঞানীক সন্মান জনোৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব মানপত্ৰৰ উপৰিও নগদ ১,৫০,০০০ (ডেৰ লাখ) টকাৰ আৰ্থিক অনুদান । বিশেষভাৱে উল্লেখ কৰা হৈছে  যে প্ৰাৰ্থী গৰাকী গাণিতিক বিজ্ঞানৰ কৃতী গৱেষক হোৱাৰ উপৰিও অসমৰ যিকোনো এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ একাডেমিক ফেকাল্টি হোৱাতো বাধ্যতামূলক। 

 ইচ্ছুক আবেদনকাৰীসকলক কেনেকৈ আবেদন দাখিল কৰিব লাগে তাৰ সবিশেষ জানিবলৈ ৱেবচাইট: https://sites.google.com/view/j-medhi-award ত গৈ আবেদন জমা দিবলৈ কোৱা হৈছে । আবেদন দাখিলৰ অন্তিম তাৰিখ ১ মে ’ ২০২৪। 

এই বঁটা জুনৰ মাজভাগত ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে আৰু তেখেতৰ জন্ম শতবাৰ্ষিকী দিৱস ১ জুলাই ২০২৪ তাৰিখে জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত এই বঁটা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে ।

Related News