NORTHEAST NOW (Assamese)
অসম

বেহাৰবাৰী আউট পোষ্টৰ কে কে-মোহন কোভিড-১৯ ত আক্ৰান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 1, 2020 4:30 pm
KK Mohan Final

ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিকৰ বেহবাৰী আউট পোষ্টৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দ্বীপজ্যোতি কেওট কোভিড-১৯ত আক্ৰান্ত হৈছে।

তেওঁলোকে নিজে ফেইচবুক পোষ্টযোগে জনাইছে এই কথা।

‘মোৰ কোভিড পজিটিভ। যিসকল মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে অনুগ্ৰহ কৰি টেষ্ট কৰে যেন।‘ নিজৰ ফেইচবুক একাউণ্টৰযোগে তেওঁৰ সংস্পৰ্শলৈ অহাসকলক টেষ্ট কৰাবলৈ অনুৰোধ জনাই সিদ্বাৰ্থ শৰ্মাই এইদৰে কয়।

অৱশ্যে তেওঁৰ দেহত ক’ৰ’ণাৰ উপসৰ্গ আছিল নে নাই সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

এন্টিজেন টেষ্টত তেওঁ কোভিড পজিটিভ ধৰা পৰিছে।

আনহাতে, মোহন খ্যাত দ্বীপজ্যোতি কেওটেও ফেইচবুক পোষ্টযোগে এই কথা জনাইছে।

তেওঁ পোষ্টত লিখি কয় ‘মোৰ কোভিড-১৯ পজিটিভ হৈছে। এটাই মনটো ভাল লাগিছে ১৪ দিন ঘৰলৈ যোৱা নাছিলো আৰু লগৰখিনি কোনো মোৰ সংস্পৰ্শত অহা নাছিল। শ্বুটিং কৰি পোনে পোনে ৰুমত গৈছিলো। তথাপিও ক’ব নোৱাৰাকৈ মোৰ সংস্পৰ্শত অহা কোনোবা আছে যদি নিজেই সাৱধান হওঁক। সকলোৱে টেষ্ট কৰাওঁক আৰু নিজৰ লগতে ঘৰখনকো বচাওঁক।‘

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১০৯০৪০ জন ৷

ৰাজ্যত সম্প্ৰতি ২৪৮০৪ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৮৩৯২৭ আৰু মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ৩০৬ গৰাকী।