NORTHEAST NOW (Assamese)

বি আৰ এছ নেত্ৰী কে কবিতাক সাত দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ

March 16, 2024 8:15 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লী সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক আজি সাত দিনৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

শুকুৰবাৰে বি আৰ এছ নেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইডিয়ে দিল্লীলৈ লৈ যায়। আজি কবিতাক দিল্লীৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে সোধা-পোছাৰ বাবে ২৩ মাৰ্চলৈকে জিম্মাত ৰখাৰ বাবে ইডিৰ অনুৰোধ আদালতে মঞ্জুৰ কৰে।

ইফালে কে কবিতাই আদালতত তেওঁৰ গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰে। ইডিয়ে আদালতৰ পৰা ১০ দিনৰ বাবে কে কবিতাক জিম্মাত বিচাৰিছিল যদিও আদালতে সাত দিনৰ বাবে জিম্মা মঞ্জুৰ কৰে।

তদন্তকাৰী সংস্থাটোৱে কবিতাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আৰু সাক্ষীৰ বক্তব্য আছে বুলি আদালতত যুক্তি প্ৰদৰ্শন কৰে। লগতে বি আৰ এছৰ নেত্ৰীগৰাকীয়ে এই গোচৰৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে ইডিয়ে।

উল্লেখ্য যে দিল্লী সুৰা নীতি গোচৰৰ অন্যতম অভিযুক্ত অমিত অৰোৰাই জেৰাৰ সময়ত কে কবিতাৰ নাম উল্লেখ কৰিছিল। একেটা গোচৰতে আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া বিগত এবছৰতকৈ অধিক সময় ধৰি কাৰাৰুদ্ধ হৈ আছে।

Related News