NORTHEAST NOW (Assamese)

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথ প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

November 12, 2020 8:26 pm · কাজী জেইদুল ইছলাম

বিশ্বনাথৰ সাহিত্য সভা ভৱন প্ৰাংগনত প্ৰতিদিন টাইম কাকপথাৰ ৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাকৰিকাই ।

বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সম্পাদক বসন্ত বৰাই আঁত ধৰা অনুষ্ঠানত বিশ্বনাথৰ সকলো সাংবাদিকৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য হাজৰিকা, বিশ্বনাথ ই ৰিক্সা সন্থাৰ ৰঞ্জিত গজুৰেল, অসম জাতীয় পৰিষদৰ কন্দৰ্প হাজৰিকা, অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদ দেৱব্রত মেধি, অমৰ জ্যোতি বৰা, অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি, চেম্পিয়নছ মেকাৰ একাডেমীৰ হৃদয়ানন্দ দাস,জ্যেষ্ঠ নাগৰিক সন্থাৰ কমল ভূঞা, বিশ্বনাথ জিলা কংগ্ৰেছৰ অঞ্জন বৰা(জিতু), পাপু ৰিফিলছৰ  মনোজ শৰ্মা, মিন্টু বৰা , জেষ্ঠ সাংবাদিক অজিত দাস, ৰতন ভূঞা, পুলক হাজৰিকা, জয়ন্ত বৰুৱাৰ জগতৰ সিং, আমিৰ খানৰ লগতে নৰ্থ ইষ্ট নাওৰ স্থানীয় সংবাদদাতা কাজি জেইদুল ইছলাম সহ  বিশ্বনাথৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি পৰাগ ভূঞাৰ প্ৰতিছবিত পুস্পাঞ্জলি অৰ্পন কৰে। সভাত উপস্থিত সকলে সাংবাদিক গৰাকীৰ মৃত্যু ৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ৰ দাবী জনায় ।

Related News