NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদত উত্তাল কলিয়াবৰৰ চিকনি চাহ বাগিচা : ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে কাৰ্যালয়

Posted by: ৰিদিপ শর্মা August 18, 2018 7:00 am
kailabar

সমগ্ৰ দেশে উন্নয়নৰ সপোন দেখা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰাৰ সময়তে কলিয়াবৰৰ একাংশ শ্ৰমিকে শুকুৰবাৰৰ দিনটোত নিজৰ পেটৰ ভাত মুঠিৰ বাবে বহিব লগা হ’ল প্ৰতিবাদত।

কলিয়াবৰৰ চিকনি চাহ বাগিচাত শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাগিচাখনৰ ক্ষুব্ধ শ্ৰমিকে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে পৰিচালকসহ কৰ্মচাৰীক কাৰ্যালয়ত আবদ্ধ কৰি ৰাখে।

দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছিল বাগিচাখনৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ ওপৰত ক্ষুব্ধ হৈ এইদৰে প্ৰতিবাদত নামি পৰে।

বাগিচাখনৰ পৰিচালনাৰ দায়িত্ববাহী অসমী ইণ্ড্ৰাষ্টিজ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে শ্ৰমিকক দুৰ্ব্যৱহাৰ ,ভয়-ভাবুকিৰে বাগিচা পৰিচালনা কৰা বুলিও অভিযোগ তোলে বাগিচাৰ শ্ৰমিকসকলে।

ইপিনে ক্ষুব্ধ শ্ৰমিকে পুৱাৰে পৰা কাৰ্যালয়তে আবদ্ধ কৰি ৰখা বাগিচাৰ পৰিচালক মণ্ডলীক দণ্ডাধীশ আৰু জখলাবন্ধা আৰক্ষী এটি দলে উদ্ধাৰ কৰাৰ লগতে বাগিচাখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিত নিয়ন্ত্ৰণ কৰে।বাগিচা কৰ্তৃপক্ষই প্ৰশাসনৰ উপস্থিতিত অতি শীঘ্ৰে শ্ৰমিকৰে আলোচনাত মিলিত হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে ,বান্ধি দিয়া সময়সীমাৰ ভিতৰত শ্ৰমিকৰ সমস্যাসমূহ সমাধান নহ’লে ভয়াবহ পৰিস্থিতি সৃষ্টি হ’ব বুলি ভাবুকি দিয়ে শ্ৰমিকসকলে।

এই বিষয়ত চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি বিন্দু গঞ্জুৱে মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰো দাবী তোলে।