NORTHEAST NOW (Assamese)
অসম

লক আপলৈ নাযাওঁ : বীৰত্বৰে আৰক্ষীৰ চকুত ধুলি দি পলাল কালীয়া

Posted by: ঋতুপল্লব শইকীয়া February 20, 2019 8:25 pm

পুনৰ এবাৰ অসম আৰক্ষীক দুৰ্বল বুলি প্ৰমান কৰি গোলাঘাটত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে কালীয়া তুৰী নামৰ কয়দীজনে। আদালতত হাজিৰ কৰোৱাৰ সময়তে কয়দীজনে পলায়ন কৰে।

প্ৰাপ্ত তথ্যমতে, ২০১৭ চনৰ এপ্ৰিল মাহত ফৰকাটিং আৰক্ষী চকীৰ অন্তৰ্গত তিৰোৱাল গাঁৱৰ অসম ৰাইফলছ কেম্পৰ সমীপত সংঘটিত এক মাৰপিতৰ ঘটনাত জড়িত কলীয়া তুৰী নামৰ আচামীজনক আৰক্ষীয়ে  আজি এৰেষ্ট ৱাৰেণ্টত ধৰি আনি আদালতত হাজিৰ কৰে।

বিয়লিৰ ভাগত এজন কৰ্তব্যৰত আৰক্ষীয়ে আছামীজনক আদলতৰ চৌহদৰ পৰা আনি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত ভৱনত থকা লক আপ ৰুমত থবলৈ তালা খোলোতেই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে কালীয়া তুৰী নামৰ কয়দীজনে।

বৰ্তমান আৰক্ষীয়ে কালীয়াক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো সম্ভেদ লাভ কৰা নাই পলাতক কয়দীজনৰ। আনহাতে সমগ্ৰ ঘটনাই কৰ্তব্যৰত আৰক্ষীৰ  লোকসকলক অচস্তিত পেলাইছে।