NORTHEAST NOW (Assamese)
অসম

নেতৃত্বৰ ওপৰত ক্ষোভ! কাশ্মীৰৰ নিৰ্বাচন সমিতিৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 17, 2022 5:57 pm

নেতৃত্বৰ ওপৰত ক্ষোভ উজাৰি আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে দলীয় নিৰ্দেশনাক অৱজ্ঞা কৰি কাশ্মীৰৰ নিৰ্বাচনী সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে। বিক্ষুদ্ধ নেতা জনে জম্মু আৰু কাশ্মীৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভৰ কেইঘণ্টামান পিছতে পদত্যাগ কৰে।

আজাদে লগতে জম্মু-কাশ্মীৰৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আজাদক কাশ্মীৰ কংগ্ৰেছৰ সভাপতিৰ পদ যাঁচিব লাগিছিল বুলি বহুতে মন্তব্য কৰিছে। বিচৰা মতে পদবী নাপাই আজাদে পদত্যাগ কৰা বুলি সেয়ে বহুতে ধাৰণা কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে আজাদৰ বিশ্বাসী ব্যক্তি গুলাম আহমেদ মীৰক জম্মু-কাশ্মীৰৰ সভাপতি পদৰ পৰা অপসাৰণ কৰি শীৰ্ষ নেতৃত্বই তেওঁৰ ঠাইত ৰাচিয়াল ৱানীক নিযুক্তি দিছিল। এই কথাতো আজাদ ক্ষুণ্ণ হৈ পৰিছিল।

চলিত বছৰৰ শেষৰ ফালে কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য খনত কংগ্ৰেছৰ স্থিতি মুঠেও সুবিধাজনক হৈ থকা নাই। সেয়ে ছোনিয়া গান্ধীয়ে গুলাম নবী আজাদক নিৰ্বাচনী সমিতিৰৰ অধ্যক্ষ নিযুক্তি দি দলটোক কাশ্মীৰত শক্তিশালী কৰাৰ কথা চিন্তা কৰিছিল। উল্লেখ্য আজাদে আন কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ সৈতে মিলি যোৱা বছৰ ছোনিয়া গান্ধীলৈ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ লিখিছিল।