NORTHEAST NOW (Assamese)
অভিমত

স্বাধীনতাৰ সীমা

Posted by: নিতুপৰ্ণ ৰাজবংশী Updated by: নিতুপৰ্ণ ৰাজবংশী August 15, 2022 10:24 am

দেশ আৰু সংবিধানে বাক স্বাধীনতা দিছে, অথচ দেশ পৰিচালনা কৰা এচাম নেতাই শাসকৰ ৰূপ লৈ সময়ে-সময়ে আমাক কথা কোৱাৰ সীমা বান্ধি দিছে কিম্বা কেতিয়াবা একেবাৰে মূক হৈ থাকিবলৈ বাধ্য কৰাইছে। গণতন্ত্ৰৰ পৰিপন্থী সিদ্ধান্তৰে মানুহক মুকলিলৈ কথা কোৱাৰ, চিন্তা কৰাৰ স্বাধীনতাখিনিক কাৰাৰুদ্ধ কৰি গণতন্ত্ৰ ৰক্ষা কৰা বুলি সততে নিজৰ ঢোল পিতা কিছু শাসকে এই দেশত অৱতাৰ লৈছে। আৰু তেওঁসৱকেই আমাৰ গৰিষ্ঠসংখ্যক ‘ভেলত ভাহা’ মানুহে ঈশ্বৰ বুলি উপাসনা কৰিছে।

এই ভক্তসকলে কথা নকয়, ক’বলৈ বেয়া পায়, তেওঁলোকে ঈছৰৰ গুণ গাই ভাল পায়। আৰু ঈশ্বৰেও নিশ্চিন্তমনে তেওঁলোকৰ হিতৰ অৰ্থে পদে-পদে সাধাৰণ নাগৰিকৰ জেপ লুৰুকি হিত সাধন কৰি থাকে। বিপৰীতে দেশৰ-দহৰ হকে চিন্তা কৰা বিবেকবান মানুহক লৈ শাসক উদ্বিগ্ন হৈ থাকে, কিজানিবা তেওঁলোকৰ বেয়াখিনি বিবেকবান মানুহে সমজুৱা কৰি দিয়ে! সেয়ে দেশ আৰু সংবিধানে উচিৎৰূপত প্ৰদান কৰা বাক স্বাধীনতাৰ অধিকাৰখিনি শাসকে ন্যস্তস্বাৰ্থৰ হকে মন গ’লেই কাঢ়ি লৈছে।

নৰ্থইষ্ট নাওত পূৰ্বে প্ৰকাশ পোৱা নিতুপৰ্ণ ৰাজবংশীৰ এটা কাৰ্টুন। ।

মূঠ কথাত এনে শাসকে ‘সমালোচনা’ বেয়া পায়। তেওঁলোকে ভাল পায় বন্দনালোচনা। গণতন্ত্ৰ ৰক্ষাত সমালোচনাই আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰে। সমালোচকসকল ট্ৰেফিক পুলিচজনৰ দৰে। চৰকাৰ নামৰ গাড়ীখন ৰ’ব নে আগুৱাব সেই সংকেত অনবৰত সমালোচকে দি থাকে, আৰু যেতিয়াই এই সংকেত অৱমাননা কৰা হয় তেতিয়াই নিজৰ লগতে আনো দুৰ্ঘটনাগ্ৰস্ত হোৱাটো নিৰ্ঘাত সত্য হৈ পৰে। অৰ্থাৎ সমালোচকে ব্যক্তি স্বাৰ্থৰ কাৰণে সমালোচনাৰে সংকেত নিদিয়ে, দিয়ে দেশ আৰু দহৰ কাৰণে; কাৰণ এই সংকেততেই নিহিত হৈ থাকে গণতন্ত্ৰৰ মৰ্যাদা ৰক্ষাৰ মূল সাৰমৰ্মখিনি।

আমাৰ দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ কৰাৰ ঐতিহাসিক ক্ষণৰ সময়তো সংবাদ আৰু শিল্প মাধ্যমৰ সৈতে জড়িত থকা সাধাৰণ কৰ্মী হিচাপে অনুভৱ কৰো যে আমি স্বাধীন কিন্তু আমাৰ স্বাধীনতাখিনিক এটা সীমাত আবদ্ধ কৰি দিয়া হ’ল। বিগত প্ৰায় ২৫ বছৰে এই মাধ্যমত কাম কৰি লাভ কৰা অভিজ্ঞতাই আমাক কয় স্বাধীন দেশৰ নাগৰিক হিচাপে আমি বহু কথাই, যিবোৰ কথা মূলতঃ সাধাৰণ মানুহৰ মৌলিক অধিকাৰৰ কথা, দেশৰ কল্যাণৰ কথা, গণতন্ত্ৰৰ মান ৰক্ষাৰ কথা, সেই কথাবোৰ আমি যুক্তি আৰু সত্য তথা তথ্যৰ ভিত্তিত ক’বলৈ গ’লেই নানাপ্ৰকাৰে বাধাৰ সন্মুখীন হওঁ। অথচ এইখিনি কথা ক’বলৈ দেশৰ সংবিধানে আমাক সম্পূৰ্ণ হক আৰু স্বাধীনতা দি থৈছে।

নৰ্থইষ্ট নাওত পূৰ্বে প্ৰকাশিত নিতুপৰ্ণ ৰাজবংশীৰ এটা কাৰ্টুন।

আমাৰ কাৰ্টুন শিল্প চৰ্চা যিহেতু সংবাদ মাধ্যমৰ অংগ, সৰ্বজনবিদিত যে সংবাদ মাধ্যমক কিদৰে ৰাষ্ট্ৰই নেলুত ধৰি চেপিছে বা আন বহুতক সহজে ক্ৰয় কৰি নিজৰ গৰিমা বখানিবলৈ লগাই দিছে, এনে পৰিস্থিতিত আমি কাম কৰাৰ সময়ত পদ-পদে বাধাৰ সন্মুখীন হৈছোঁ। নৈৰ্ব্যক্তিক, বিমূৰ্ত, ফুল তৰা চৰাই আদি ইত্যাদি নৈসৰ্গিক বা কোনো চেলিব্ৰিটিৰ ছবি আঁকি থাকিলে আপুনি ভাল কলাকাৰ, পিছে সমাজৰ অন্ধকাৰখিনি স্পষ্টকৈ আঁকি উদঙাই দিলেই আপুনি পশ্চাদগামী মানসিকতাৰ মানুহ; সেয়ে ভাৰতত কাৰ্টুন শিল্প বা কাৰ্টুনিষ্টসকল অকল শাসকৰেই নহয়, অনবৰত পজিটিভ হৈ থকা বা বেয়াৰ বিৰুদ্ধ কাৰ্টুন আঁকিলেই জকজকাই উঠা পজিটিভ মানুহৰ বাবে চকুৰ কূটা দাঁতৰ শাল।সেয়ে অলপ অসহ্য পালেই কাৰ্টুনিষ্টৰ পিছত পুলিচ লগাই দিব নতুবা সামাজিক মাধ্যমযোগে ঘৰ-পৰিবাৰ সাঙুৰি অবাইচ মাত-কথাৰে অপমানিত কিম্বা মৃত্যুৰ ভাবুকি দিব।

নিতুপৰ্ণ ৰাজবংশীৰ এটা বহুচৰ্চিত কাৰ্টুন।

অৱশ্যেই এজন কাৰ্টুনিষ্টৰ বাবে এয়া পুৰস্কাৰ, কাৰণ আমাৰ ‘কাঁড়টূন’-এ সঠিক লক্ষ্যতেই বিদ্ধ কৰে। সহস্ৰজনৰ ত্যাগৰ বলত স্বাধীনতা আৰু গণতন্ত্ৰ লাভ কৰা এইখন দেশত এচামৰ হঠকাৰিতাৰ বাবে ‘স্বাধীনতা’ বন্দী। কিন্তু আমি দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰ ৰক্ষাৰ হকেই আমৃত্যু বদ্ধপৰিকৰ, যাতে এই দেশ সদায়ে তিৰংগাৰ দৰে আকাশমুখী হৈ মূৰ তুলি থাকিব পাৰে।

(নিতুপৰ্ণ ৰাজবংশী অসমৰ এগৰাকী জনপ্ৰিয় তথা নিৰ্ভীক কাৰ্টুনিষ্ট)