NORTHEAST NOW (Assamese)
অসম

Independence Day: লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ; ক’লে ভাৰতৰ ৫টা সংকল্পৰ কথা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 15, 2022 11:10 am

PM Modi hoists the national flag at Red Fort স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে ভাৰতৰ জনসাধাৰণ অতি আনন্দিত হৈ পৰা দেখা গৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

প্ৰধানমন্ত্ৰীক লালকিল্লাত গাৰ্ড অফ অনাৰ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত দেশবাসীক উদ্দেশ্যি সম্বোধন কৰে।

দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “দেশবাসী বাপু, নেতাজী সুভাষ চন্দ্ৰ বসু, বাবাচাহেব আম্বেদকাৰ আৰু বীৰ সাভাৰকাৰৰ প্ৰতি কৃতজ্ঞ। এইটো নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ সময়। আমাৰ দেশখনে বহুতো সংঘৰ্ষৰ জৰিয়তে স্বাধীনতা লাভ কৰিছে। ভাৰত এখন গণতান্ত্ৰিক দেশ। দেশখনে যোৱা ৭৫ বছৰত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ‘

ইয়াৰ পিছতে নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে এক বক্তৱ্য প্ৰদান কৰে।

তেওঁ কয়, “পৰৱৰ্তী ২৫ বছৰ দেশৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰত ২৫ বছৰৰ ভিতৰত এখন উন্নয়নশীল আৰু উন্নত দেশ হ’ব। আমি পাঁচটা সংকল্পৰ সৈতে আগবাঢ়িব লাগিব। প্ৰথম সংকল্প, ভাৰতৰ বিকাশ। দ্বিতীয় সংকল্প, দাসত্বৰ পৰা মুক্তি। তৃতীয়টো হ’ল উত্তৰাধিকাৰকলৈ গৌৰৱান্বিত হোৱা। চতুৰ্থ সংকল্পটো হ’ল ঐক্যবদ্ধ হৈ থকা আৰু পঞ্চম সংকল্প নাগৰিক কৰ্তব্যত স্থিৰ হৈ থকা।’