NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ চৈখোৱাত সংঘটিত গণহত্যাৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ হোজাই জিলা কংগ্ৰেছৰ

Posted by: নিখিল মুন্দ্ৰা November 2, 2018 1:27 pm
20181102_122359

তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া অচিনাক্ত বন্দুকধাৰীৰ দলে ৬জন লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে হোজাই জিলা কংগ্ৰেছে। এই ঘটনাৰ বাবে হোজাই জিলা কংগ্ৰেছ কমিটিয়ে আলফা(স্বাঃ), আলোচনাপন্থী আলফাৰ লগতে সোণোৱাল নেতৃত্বাধীন চৰকাৰকে দোষাৰোপ কৰে।

বৃহস্পতিবাৰে ঘটা উক্ত নাৰকীয় ঘটনাৰ বিৰুদ্ধে হোজাই জিলা কংগ্ৰেছৰ সভাপতি ড০ অৰ্ধেন্দু কুমাৰ দে’ৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে আজি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।

আনহাতে ড০ অৰ্ধেন্দু কুমাৰ দে’য়ে সংবাদ মাধ্যমৰ আগত আলোচনাপন্থী আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাকে উক্ত অমানৱীয় ঘটনাৰ বাবে জগৰীয়া বুলি কয়। তদুপৰি এইসকল আলোচনাপন্থী আলফা নেতাক চৰকাৰে সহযোগ কৰি আছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয়।

20181102_103728
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে আজি ৰাতিপুৱাই আলফা(স্বাঃ)য়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলোক এই ঘটনাৰ লগত জড়িত নহয় বুলি কৰা মন্তব্য সন্দৰ্ভতো কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে পূৰ্বেও আলফা(স্বাঃ)য়ে এনেধৰণৰ ঘটনা সংঘটিত কৰি পাছত তেওঁলোক জড়িত নহয় বুলি মন্তব্য কৰাৰ উদাহৰণ আছে।

আনহাতে হিন্দু বাঙালী লোকৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়া আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কিয় কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইয়াৰ উপৰি হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চক্ৰৱৰ্তীয়ে কয়- ‘অসম হৈছে শংকৰদেৱ-মাধৱদেৱৰ ৰাজ্য। ইয়াত বাস কৰা প্ৰতিজন লোকে কেৱল শান্তি-সম্প্ৰীতিহে বিচাৰে’।

‘বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মেই হোজাই আৰক্ষীয়ে চলিত বছৰৰ ৮ মে’ত অৰ্ধেন্দু দেইৰ মন্তব্যৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল। কিন্তু আজি সেই একেখন চৰকাৰে আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাৰ প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে কিয় একো ব্যৱস্থা গ্ৰহণ নকৰে’ বুলি সাধাৰণ সম্পাদক গৰাকীয়ে মন্তব্য কৰে।

আনহাতে কংগ্ৰেছৰ নেতাগৰাকীয়ে এইখন চৰকাৰে সাধাৰণ লোকক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও সংবাদ মাধ্যমৰ আগত কয়।