NORTHEAST NOW (Assamese)
অসম

আলোচনাপন্থী আলফা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক আটক

Posted by: পাৰ্শ্বজ্যোতি গগৈ November 2, 2018 2:12 pm
Jiten_Mrinal

আজি কিছু সময়ৰ পূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলোচনাপন্থী আলফা নেতা জিতেন দত্তক। গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ আহি থকা অৱস্থাতে শিৱসাগৰ আৰক্ষীৰ এটা দলে আলফা নেতাগৰাকীক বাটতে গৌৰীসাগৰৰ পৰা আটক কৰে।

আটক কৰাৰ পাছতে আলফা নেতাগৰাকীক গৌৰীসাগৰ আৰক্ষী থানাত ৰখা হৈছিল যদিও বৰ্তমান দত্তক গৌৰীসাগৰৰ পৰা শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত গুৱাহাটীলৈ লৈ অনা হয় বুলি জানিব পৰা গৈছে।

আনহাতে আন এজন আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাকো গুৱাহাটীত পাণবজাৰ থানাৰ আৰক্ষীয়ে আটক কৰিছে। এই পৰ্যন্ত তেওঁক পাণবজাৰ থানাতে ৰখা হৈছে।

এটা অসমৰ্থিত সূত্ৰই জনোৱা মতে দুয়োকে যোৱাকালিৰ তিনিচুকীয়াত পাঁচজন নিৰীহ বাঙালী লোকক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক কৰা হৈছে।

উল্লেখযোগ্য যে, আজি কিছু দিনৰ পৰা ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপিৰ বিধায়ক শিলাদিত্য দেব আৰু কিছু সংখ্যক বাঙালী নেতাৰ উচটনিমূলক মন্তব্যৰ প্ৰত্যুত্তৰত দুয়োজনে উচটনিমূলক মন্তব্য দিছিল।

ইফালে জিতেন দত্তক গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত মাজবাটতে গ্ৰেপ্তাৰ কৰি পুনৰ গুৱাহাটীলৈ লৈ যোৱা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাই।

গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ শতাধিক নেতা-কৰ্মীয়ে।