NORTHEAST NOW (Assamese)

মহানগৰীত কেনেকৈ কি কি নিয়ম মানি পাতিব লাগিব দুৰ্গা পূজা? ক’লে প্ৰশাসনে

October 15, 2020 4:30 pm · কল্পজ্যোতি শইকীয়া
ফাইল ফটো।

দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এখন যৌথ সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়।

জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এই আলোচনা সভা।

এই সন্দৰ্ভত আলোচনা সভাত অতিৰিক্ত জিলা উপায়ুক্ত চিন্ময় নাথে কেতবোৰ নীতি নিৰ্ধাৰণ কৰি দিয়ে।

তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

পূজা পাতিলে আৰক্ষী আয়ুক্ত পৰা প্ৰশাসনৰ অনুমতি লব লাগিব। ইয়াৰ বাবে স্থানীয় থানাত আবেদন কৰিব লাগিব ।

মূৰ্তি পূজা বা ঘট পূজা অনুষ্টুপীয়া কৈ অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছে।

অস্থায়ী পেণ্ডেল, আহল বহল বা ৰাস্তাৰ ওপৰত হব নোৱাৰিব। পেণ্ডেল ৰাস্তাৰ পৰা এক মিটাৰ দূৰত্বত হ’ব লাগিব।

এটা সময়ত মাত্ৰ ৩০জন লোকহে সমবেত হ’ব পাৰিব আৰু হাত চেনিটাইজ কৰাৰ ব্যৱস্থা থাকিব লাগিব।

প্ৰৱেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ’ব লাগিব।

পূজাৰীয়ে অঞ্জলি দিলে মাইকৰ ব্যৱহাৰ কৰিব লাগিব যাতে দৰ্শনাৰ্থী ওচৰলৈ আহিব নোৱাৰে।

ষষ্ঠী আৰু দশমীৰ আগদিনা আয়োজক কমিটিৰ সকলোৱে কোভিড টেষ্ট কৰিব লাগিব।

স্থানীয় থানাত আয়োজক কমিটিৰ বিষয়ববীয়া আৰু শেষত সেৱকৰ নাম আবেদনৰ সময়ত জমা দিব লাগিব। লগতে পূজাৰীৰ নামো জমা দিব লাগিব। অন্যথা অনুমতি প্ৰদান কৰা নহ’ব।

ভক্ত প্ৰাণ ৰাইজৰ লগতে পূজাৰীয়েও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

পূজা থলিত প্ৰসাদ দিব নোৱাৰিব। প্ৰসাদ ওচৰৰ মানুহক ঘৰত দি আহিব পাৰিব বা ঘৰলৈ পেকেট কৰি লৈ যাব লাগিব।

নিশা ১০ বজাৰ আগত পূজা মণ্ডপৰ সকলো কাম বন্ধ হ’ব।

কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান বা বজাৰ আদি পাতিব দিয়া নহ’ব।

অস্থায়ী দোকান ৰাজপথৰ দাঁতিত বহাব দিয়া নহ’ব।

পুৰুষ মাত্ৰ এজন বাইকত, মহিলা আৰু ১৫ বছৰৰ তলৰ শিশু দুজন যাব পাৰিব।

ৰেষ্টুৰেণ্ট ৰাতি ৯ বজালৈকে খোলা থাকিব, তাত বহি খাব নোৱাৰিব।

দেৱীৰ প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্চ ১০ জন লোক যাব পাৰিব, কোনো শোভাযাত্ৰা বাহিৰ কৰিবলৈ দিয়া নহ’ব।

স্থানীয় ঘাটতহে দেৱী বিসৰ্জন দিব পাৰিব। পাণ্ডু, চূনচালি, আজাৰা, কাছমাৰী ঘাট, সাউকুছি আৰু চন্দ্ৰপুৰ ঘাটত স্থানীয়ভাৱে দেৱী বিসৰ্জন দিব পাৰিব।

Related News