NORTHEAST NOW (Assamese)

সলনি হ’ব কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা; মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শন

September 8, 2021 1:32 pm · কল্পজ্যোতি শইকীয়া

শীঘ্ৰেই সলনি হ’ব পাণবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা।

খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদতত নিৰ্মাণ হব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো ।

৩ বিঘা মাটিত প্ৰকল্প  নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰীৰ ।

ইয়াৰোপৰি, গুৱাহাটীৰ ভঙাগড়ৰ ৰূপনগৰৰ প্ৰস্তাৱিত ভূমিত হ’ব কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়।

খানাপাৰাৰ পাছতে ৰূপনগৰত উপস্থিত হৈ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

১০ বিঘা মাটিত হ’ব জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ লগতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ উপ পঞ্জীয়কৰ কাৰ্য্যালয় নিৰ্মাণ কৰা হ’ব। বৰ্তমান অতি ঠেক পৰিসৰৰ ভিতৰত এই কাৰ্য্যালয়সমূহ আছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

একেলগে ২০০ গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থাৰ লগতে প্ৰায় ৪০-৫০ কোটি টকা নিৰ্মাণৰ বাবদ খৰছ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

ইপিনে, ৰূপনগৰৰ পাছতে পুৰণি জিলা উপায়ুক্তৰ বাংলো লগতে বৰ্তমানৰ আৰক্ষী আয়ুক্তৰ বাংলোকে ধৰি পুৰণি বন বিভাগৰ কাৰ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ।

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সৌন্দর্য বৰ্ধনৰ বাবে মুখ্যমন্ত্রীৰ বিশেষ পদক্ষেপৰ কথা ঘোষণা।

কেইবাটাও আৰক্ষীৰ আৱাসগৃহৰ পুনৰ নির্মাণৰ ঘোষণা লগতে ১০০ বছৰৰ পুৰণি কেইবাটাও আৱাসগৃহ সংৰক্ষণ কৰাৰ ঘোষণা।

১০০ বছৰৰ পুৰণি আৱাসৰ বাহিৰে বাকী আৱাসসমূহ কাইলৈৰ পৰা ভাঙি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

ইয়াৰোপৰি, নিৰ্মাণ কৰা হ’ব শ্বহীদ আৰক্ষীৰ স্মৃতিত স্মাৰক।

এতিয়াৰ ব্ৰহ্মপুত্ৰৰ নৈসর্গিক পৰিবেশ কাষৰ পৰাই উপভোগ কৰিব পাৰিব বুলিও তেওঁ কয়।

Related News