NORTHEAST NOW (Assamese)

মহানগৰীৰ তৰুণ নগৰক কনটেইনমেন্ট জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

May 23, 2020 3:11 pm · কল্পজ্যোতি শইকীয়া
Updated: May 24, 2020 6:41 am
প্ৰতীকী ছবি।

গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথত কনটেইনমেণ্ট জ’ন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।

আজি পুৱা প্ৰায় ১১ বজাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পথটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

দীনেশ ওজা পথৰ এটা ঘৰত থকা এজন ভাৰাতীয়া লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছতে মহানগৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত ঘোষণা কৰে।

উক্ত আক্ৰান্ত লোকজন হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ এঘৰৰ ভাৰাতীয়া বুলি সূত্ৰত প্ৰকাশ।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ স্বাক্ষৰিত জাননীত উল্লেখ কৰা হৈছে যে, ক’ৰ’না প্ৰতিৰোধৰ বাবে উক্ত এলেকাটো কনটেইনমেন্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

পথটো কনটেইনমেন্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত পথটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জুৰুৰী সেৱাকালীন সেৱাসমূহ জিলা প্ৰশাসনে প্ৰদান কৰিব।

উল্লেখ্য যে, মহানগৰীৰ নুনমাতি গোপাল নগৰৰ ভূপেন হাজৰিকা পথ, ৰুক্মিণী নগৰ জিৰণী পথ, ফাঁচি বজাৰৰ আলোপট্টি, কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনি, পাণবজাৰ ৰে’লৱে কলনি, দঁতালপাৰা আদি এলেকাত ইতিমধ্যে কনটেইনমেন্ট জ’ন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰিছে।

আনহাতে আঠগাঁও কবৰস্থান, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছোৱালী আৱাস, চানমাৰি অমিয় নগৰ, বি বৰুৱা ককৰ্ট প্ৰতিষ্ঠানৰ আৱাসিক এলেকা আদিৰ পৰা ইতিমধ্যে কনটেইনমেন্ট জ’ন উঠাই লৈছে মহানগৰ জিলা প্ৰশাসনে।

Related News