NORTHEAST NOW (Assamese)

বলীউডত অমিতাভ বচ্চনৰ পিছতেই মই : নিৰ্বাচনী সভাত আস্ফালন কংকনাৰ

May 7, 2024 7:17 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বলীউডৰ অভিনেত্ৰী কংকনা ৰাণাওটৰ এটা বক্তব্যই চকু কপালত তুলিছে সকলোৰে। মাণ্ডীৰ এখন নিৰ্বাচনী প্ৰচাৰৰ সভাত প্ৰদান কৰা ভাষণৰ সময়ত এই মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।

কংকনা ৰানাওটে দাবী কৰে যে তেওঁ চিনেমা জগতত প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ সমানেই মৰম আৰু সন্মান লাভ কৰিছে।

ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে কংকনাৰ উক্ত ফোঁপযহী বক্তব্যৰ ভিডিঅ’।

কংকনাই কয় যে, “মোৰ প্ৰতি সকলোতে মৰম আৰু সন্মান আছে। মই আত্মবিশ্বাসী। অমিতাভ বচ্চনজীৰ পিছত যদি কোনোবাই উদ্যোগটোত এনে মৰম আৰু সন্মান পায়, তেন্তে সেয়া মই।”

উল্লেখ্য কংকনা আৰু অমিতাভ বচ্চনে এতিয়ালৈকে কোনো চিনেমাত একেলগে অভিনয় কৰা নাই। অৱশ্যে এই দুগৰাকী তাৰকাই ২০১৬ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। কংকনাই ‘তনু ৱেডছ মানু ৰিটাৰ্ণছ’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল আৰু অমিতাভে ‘পিকু’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।

কোৱাৰ প্ৰয়োজন নাই যে শ শ মহান শিল্পীৰে ভৰি থকা বলীউডৰ এই বিশাল জগতখনত নিজকে দ্বিতীয় স্থানত আছে বুলি কৰা ধৃষ্টতাৰ বাবে এতিয়া সচেতন মহলৰ সমালোচনাৰ সন্মুখীন হৈছে কংকনা ৰাণাওট।

Related News