NORTHEAST NOW (Assamese)
অসম

মাফিয়াৰ তোষামোদকাৰী আয়ুষ্মান খুৰানা! কিয় কংগনাৰ এই বিস্ফোৰণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 9:32 am
kangana Ranauat and Ayushman Khurana

বলীউদৰ শেহতীয়া আভ্যন্তৰীণ যুঁজখনত এইবাৰ টীম কংগনা ৰানাৱটৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অভিনেতা আয়ুষ্মান খুৰানা।

কংগনাৰ আক্ৰমণৰ পৰা সাৰি যোৱা নাই ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনো।

বলীউদৰ এগৰাকী স্বয়ম্ভু সমালোচক কেআৰকে’ৰ টুইট শ্বেয়াৰ কৰি ‘বহিৰাগত’ আয়ুষ্মান খুৰানাক ‘চলচ্চিত্ৰ মাফিয়াৰ তোষামোদকাৰী’ বুলি অভিহিত কৰিছে টীম কংগনাই।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছৰে পৰা বলীউদৰ ‘চলচ্চিত্ৰ মাফিয়া’ৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে কংগনা ৰানাৱটে।

নেপ’টিজমক লৈ আৰম্ভ হোৱা কংগনাৰ এই অভিযানত বলীউদৰ বহু তাৰকাৰ বিৰুদ্ধে মুকলিকৈ মুখ খুলিছে ‘সাহসী’ অভিনেত্ৰীগৰাকীয়ে।

কৰণ জোহৰ, আলিয়া ভাট, অনুৰাগ কাশ্যপ, তাপসী পান্নু, স্বৰা ভাস্কৰকে ধৰি বহুতৰে সৈতে ছছিয়েল মিডিয়াত ভৰ্চুৱেল বাকযুদ্ধত অৱতীৰ্ণ হৈছে কংগনা।

পিচে, এইবাৰ কংগনাৰ লক্ষ্য হৈ পৰিল আয়ুষ্মান খুৰানা।

কেআৰকেই তেওঁৰ টুইটত লিখিছিল,’’ অয়ুষ্মানে ৰিয়া আৰু নেপ’ কিড’ৰ পক্ষ লোৱাৰ তিনিটা কাৰণ আছে। বলীউদত তিকি থাকিবলৈ তথা যশ ৰাজৰ বেনাৰত অভিনয় কৰিবলৈ আৰু তৃতীয়তে সুশান্ত আছিল তেওঁৰ প্ৰতিদ্বন্দ্বী।‘’

এই টুইট শ্বেয়াৰ কৰি কংগনাই আয়ুষ্মানক চলচ্চিত্ৰ মাফিয়াৰ বহিৰাগত তোষামোদকাৰী বুলি অভিহিত কৰে।

ইয়াৰ পূৰ্বে টুইটত কংগনাই ৰণবীৰ কাপুৰত ‘চিৰিয়েল স্কাৰ্ট চেজাৰ’ আৰু দীপিকাক স্বঘোষিত মানসিক ৰোগী বুলিও কটাক্ষ কৰে।

সুশান্তৰ মৃত্যুৰ পাছতে নেপ’টিজমৰ বিভিন্ন বিষয়কলৈ বলীউদত জোকাৰণি তোলা কংগনা ৰানাৱটে নিতৌ নতুন নতুন অভিযোগ আনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।