NORTHEAST NOW (Assamese)

বীৰ দাসক চুমা খাই ওঁঠৰ পৰা তেজ উলিয়াই দিছিল কংগনাই! কি প্ৰতিক্ৰিয়া আহিল অভিনেত্ৰীগৰাকীৰ?

July 25, 2023 12:54 pm · এন ই নাও নিউজ, গুৱাহাটী

কংগনাৰ প্ৰেম জীৱনৰ কথা আগতেও বহুবাৰ চৰ্চালৈ আহিছিল। হৃতিক ৰোশনেই হওক বা অধ্যয়ন সুমন হওক, সুযোগ পালেই কংগনাই কেতিয়াও নিজৰ প্ৰাক্তনসকলক কটাক্ষ কৰাৰ পৰা বিৰত নাথাকে। কিন্তু শেহতীয়াকৈ কংগনাক লৈ এটা খবৰ বিয়পি পৰে। যদিও ঘটনাটো যথেষ্ট পুৰণি।

২০১৪ চনৰ ৰিভলভাৰ ৰাণীৰ চেটৰ ঘটনা য’ত কংগনা, বীৰ দাসে অভিনয় কৰিছিল। ইয়াত এটা চুম্বনৰ দৃশ্য আছিল আৰু ই যথেষ্ট তীব্ৰ আছিল। খবৰ অনুসৰি কংগনাই বীৰক চুমা খোৱাত ইমানেই মগ্ন আছিল যে বীৰক অলপ জোৰকৈয়ে চুমা খাইছিল।

ছবিখনৰ এটা দৃশ্যত কংগনাক গ্ৰেপ্তাৰ কৰি জেললৈ লৈ যোৱা দেখা গৈছিল।’ আৰু কংগনাই পুলিচৰ পৰা কিছু সময় লৈ বীৰ দাসক এটা কোঠালৈ টানি লৈ যায়। তাৰ পিছত বীৰক গভীৰভাৱে চুমা খায়। আৰু দৃশ্যটো ইমানেই তীব্ৰ আছিল যে বীৰৰ ওঁঠৰ পৰা তেজ ওলাই আহিছিল।

কংগনাই ৰিভলভাৰ ৰাণীত ৰাজনীতিবিদ অলকা সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল। আৰু বীৰ দাসৰ চৰিত্ৰটোৰ নাম আছিল ৰোহন, যি বলীউডৰ এজন উদীয়মান অভিনেতা।

এই খবৰ কংগনা ৰানাৱতৰ চকুৰ পৰা সাৰি নগ’ল। অভিনেত্ৰীগৰাকীয়ে নিজৰ ধৰণেৰে তাৰ উত্তৰো দিলে। এই খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘ঋত্বিক ৰোশনৰ পিছত মই বেচেৰা বীৰ দাসৰ ইজ্জতো লুটি নিলোঁ? কেতিয়া হ’ল এইটো?’

আৰু কংগনাৰ এই ইনষ্টা কাহিনীটো দেখি একাংশ মানুহৰ চকু কপালত উঠা দেখা যায়। আনকি কিছুমানে আকৌ ঋতিক-অধ্যায় টানি অনা দেখি পুনৰ ৰটনা আৰম্ভ কৰিছে। কংগনা আৰু ঋত্বিকৰ কাহিনী প্ৰায় সকলোৱে জানে। এসময়ত বলীউডত কম পানী ঘোলা হোৱা নাছিল।

কংগনাই হঠাতে এদিন হৃতিকক ‘চিলি এক্স’ বুলি উল্লেখ কৰিছিল। ইয়াকে লৈ পানী ঘোলা হোৱাৰ পিছত ক্ষমা চোৱাটো দূৰৰ কথা, কংগনাই কয় যে ২০১৪ চনত কৃশ-৩ৰ চেটত হেনো দুয়োৰে মাজৰ প্ৰেম আৰম্ভ হৈছিল। কিন্তু সেই কথা অস্বীকাৰ কৰে হৃতিকে। তেওঁ এনে কোনো সম্পৰ্কৰ কথা মানি ল’ব বিচৰা নাছিল।

উল্লেখ্য যে ২০১৪ চনতে হৃতিকে সুজান খানৰ সৈতে ব্ৰেকআপ কৰিছিল। ২০১৬ আৰু ২০১৭ চনত দুয়োৰে মাজত আইনী গোচৰ ৰুজু হৈছিল। অৱশ্যে বুজাত অসুবিধা নহয় যে কংগনাই তেওঁৰ প্ৰাক্তনক এতিয়াও পাহৰিব পৰা নাই।

Related News