NORTHEAST NOW (Assamese)

জিম ট্ৰেইনাৰৰ দ্বাৰা নাবালিকাক অচেতন কৰি ধৰ্ষণ! দুবছৰৰ পাছত গ্ৰেপ্তাৰ

October 30, 2024 10:13 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কানপুৰত এগৰাকী জিম ট্ৰেইনাৰে নিজৰ জিমত প্ৰশিক্ষণ লোৱা নাবালিকাক চেডেটিভ বেজী দি ধৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। ডেৰ বছৰতকৈও অধিক পূৰ্বে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আদালতৰ হস্তক্ষেপত গ্ৰেপ্তাৰ হয় অভিযুক্তজন।

তেতিয়াৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ২০২১ চনত ফাজলগঞ্জ অঞ্চলৰ জিমলৈ গৈছিল।সেই সময়ত জিমৰ প্ৰশিক্ষক অৰ্জুন সিঙে নিজৰ পৰিচয় দি ছোৱালীজনীৰ মোবাইল নম্বৰ বিচাৰিছিল যদিও ছোৱালীজনীয়ে নাকচ কৰে। পিছত অভিযুক্তই জিম অপাৰেটৰক ২০ হাজাৰ টকা দি মোবাইল নম্বৰ লাভ কৰে, আৰু তেওঁক লগ কৰিবলৈ হেঁচা দিবলৈ আৰম্ভ কৰে।

সিঙে তাইক জিমত এটা নিচাযুক্ত পাউদাৰ দিবলৈ আৰম্ভ কৰিলে, যাৰ বাবে ছোৱালীগৰাকী নিচাৰ প্ৰতি আসক্ত হৈ পৰিল। তাৰ পাছত তেওঁ ভুক্তভোগীক নিজৰ ঘৰলৈ মাতি ঘোঁৰা দৌৰৰ সময়ত ব্যৱহাৰ কৰা চেডেটিভ বেজী দিছিল আৰু তাইৰ জ্ঞান নোহোৱাৰ সময়ত তাইক একাধিকবাৰ ধৰ্ষণ কৰিছিল।

লগতে অভিযুক্তই ভিডিঅ’ বনাই কেইবামাহো পণবন্দী কৰি ৰাখিছিল। তেওঁ ভুক্তভোগীৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল আৰু ইয়াক আত্মহত্যাৰ গোচৰ হিচাপে গঢ়ি তুলিব পৰাকৈ নিজকে হত্যা কৰিবলৈ উচটনি দিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ এই অধ্যায়ৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰিবলৈ সক্ষম হয়। যেতিয়া তাইৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিবলৈ গৈছিল, তেতিয়া আৰক্ষীয়ে অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে পৰিয়ালটোৱে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ২০২৩ চনত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।ইয়াৰ পিছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নহ’ল।

ন্যায়ৰ পলম হোৱাত হতাশ হৈ ভুক্তভোগীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপি এই গোচৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। উচ্চ ন্যায়ালয়ে বিষয়টো লক্ষ্য কৰি আৰক্ষী আয়ুক্তক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে অভিযোগনামা দাখিল কৰা হয় আৰু সোমবাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

Related News