NORTHEAST NOW (Assamese)

বৰ্তমান ক্ৰিকেটতকৈ দেশ বেছি গুৰুত্বপূৰ্ণ বুলি মন্তব্য বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱৰ

April 9, 2020 6:18 pm · এন ই নাও নিউজ

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ বাবে বৰ্তমান সময়ত ক্ৰিকেটতকৈ দেশ অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে।

‍‘এই সময়ত, আমাৰ দেশ বেছি গুৰুত্বপূৰ্ণ। মই লোকসকলক সুৰক্ষিত আৰু নিজৰ যতন লৈ থাকিবলৈ ক’ব বিচাৰো। চৰকাৰৰ কথা শুনক, তেওঁলোকে বহু কষ্ট কৰি আছে’। এ এন আইক এইদৰে কয় কপিল দেৱে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে বিশ্বৰ সকলো প্ৰান্ততে বেছিভাগ স্প’ৰ্টছ টুৰ্ণামেণ্ট সাময়িকভাৱে বাতিল কৰা হৈছে বা পিছুৱাই দিয়া হৈছে।

ভাৰততো ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল এপ্ৰিলৰ মাজভাগলৈ পিছুৱাই দিছিল। টুৰ্ণামেণ্টখনৰ বাবে এতিয়াও পৰৱৰ্তী সময় নিৰ্ধাৰণ কৰা হোৱা নাই।

আই পি এল প্ৰসংগত কপিল দেৱৰ মত জানিব বিচৰাত তেওঁ কয়, ‍‘চাওক, এই সময়ত ক্ৰিকেট বিশেষ গুৰুত্বপূৰ্ণ নহয়, বৰ্তমান দেশ আৰু জনসাধাৰণহে বেছি গুৰুত্বপূৰ্ণ’।

উল্লেখ্য যে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাই আছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত দেশত ৫,৭৩৪ ৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Related News