NORTHEAST NOW (Assamese)

সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল ‘হাৰিয়ানা হাৰিকেন’ কপিল দেৱ

October 25, 2020 4:03 pm · এন ই নাও নিউজ
Updated: October 25, 2020 4:07 pm

 

ক্ৰিকেটৰ যুঁজত নহয়,এইবাৰ জীৱনৰ যুঁজতো জিকিলে কপিল দেৱে।

হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰ  ভাবে অসুস্থ হৈ পৰা কপিল দেৱক ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ ওখলা ৰোডত থকা এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

চিকিৎসকৰ অশেষ চেষ্টাত সুস্থ হৈ উঠা কপিল দেৱক আজি চিকিযসালয়ৰ পৰা যাবলৈ দিয়া হয়।

কপিল দেৱৰ বন্ধু চেতন শৰ্মাই চিকিৎসকৰ সৈতে থকা অৱস্থাত কপিল দেৱৰ এখন ছবি টুইট কৰিছে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম গৰাকী বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

‘‘হৃদক্ৰিয়া জনিত জটিলতাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে মহান ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱ। বৰ্তমান তেওঁক দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। তেওঁৰ আশু আৰোগ্য কামনা কৰিলো,’’ সাংবাদিক তিনা থেকাৰে কপিল দেৱৰ অসুস্থতাৰ খবৰ ৰাজহুৱা কৰি এইদৰে টুইট কৰিছিল।

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ কপিল দেৱে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছিল।

১৯৭৮ চনত পাকিস্তানৰ বিৰুদ্ধে কপিল দেৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল।

কপিল দেৱে ভাৰতীয় জতীয় দলৰ হৈ ১৩১ খন টেষ্টত অংশগ্ৰহণ কৰি ৫২৪৮ ৰান সংগ্ৰহ কৰাৰ উপৰি ৪৩৪ টা উইকেট দখল  কৰিছিল।

তদুপৰি তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে ২২৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈ ৩৭৮৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২৫৩ টা উইকেট দখল কৰিছিল।

Related News