NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত আদিবাসী ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতিৰ উদ্যোগত কৰম পূজা উদযাপন

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ September 24, 2021 3:54 pm

আদিবাসী লোকসকলৰ পৰম্পৰাগত কৰম পূজা অনুষ্ঠিত কৰা হ’ল কলিয়াবৰত।

ক’ৰণা মহামাৰী কিছু পৰিমাণে হ্ৰাস পোৱাত চৰকাৰী নিয়ম অনুসৰি বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ আমনিৰ আমলখি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নগাওঁ জিলা সমিতিয়ে উদযাপন কৰে কৰম পূজা।

কলিয়াবৰৰ আমনিত কৰম উৎসৱ পালনৰ বাবে ওলাই আহিল বহু ডেকা গাভৰু।

ঝুমুৰ নৃত্যৰে উখল মাখল হল কৰম পূজাৰ পৰিবেশ।

নগাঁও জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আমনি আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে পালন কৰা এই কৰম উৎসৱত সকলো ৰীতি নীতিৰে বছৰটোৰ বাবে যাতে খেতি বাতি ভাল হয় তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গ’ল ।