NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে গৰু চুৰিৰ অভিযুক্তই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2024 5:31 pm
cattle thief dies after public assault

মৰিগাঁও জিলাত আজি পুৱাৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। গণপ্ৰহাৰত প্ৰাণ হেৰুৱাইছে এজন গৰু চুৰিৰ অভিযুক্তই।

জানিব পৰা মতে, পুৱতি নিশা ঘন কুঁৱলীৰ সুযোগ লৈ তিনিজনীয়া এটা দলে গৰু চুৰি কৰাৰ চেষ্টা কৰিছিল।

কিন্তু ঘৰৰ লোকসকলে তেওঁক দেখা পাই চিঞৰ বাখৰ কৰাৰ পিছতে স্থানীয় লোকসকল সেই স্থানত উপস্থিত হয়।

স্থানীয় লোকসকলে চোৰৰ দলটোক কৰায়ত্ব কৰাৰ চেষ্টা কৰে। দলটোৰ দুজন লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

কিন্তু জিতু দাস নামৰ এজন অভিযুক্ত স্থানীয় লোকৰ হাতত ধৰা পৰে। উত্তেজিত লোকসকলে ইয়াৰ পিছতে দাসক নৃশংস প্ৰহাৰ কৰে।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ কবলৰ পৰা দাসক উদ্ধাৰ কৰে।

আৰক্ষীয়ে গুৰুতৰভাৱে আহত লোকজনক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁৰ প্ৰাণৰক্ষা সম্ভৱ নহ’ল।

মৃত জিতু দাস কাৰ্বি আংলং জিলাৰ বাসিন্দা বুলি জানিব পৰা হৈছে।