NORTHEAST NOW (Assamese)

বলিউড ইণ্ডাষ্ট্ৰি কৰণ জোহৰ বা তেওঁৰ দেউতাকে বনোৱা নাই, টিকট ক্ৰয় কৰা দৰ্শকেহে বনাইছে : কংগনা

September 15, 2020 2:29 pm · এন ই নাও নিউজ

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে পুনৰ এবাৰ ছবি নিৰ্মাতা তথা পৰিচালক কৰণ জোহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

অভিনেত্ৰী গৰাকীয়ে কৰণক উদ্দেশ্যি কৈছে যে কৰণ জোহৰ বা তেওঁৰ দেউতাকে বলিউড ইণ্ডাষ্ট্ৰি বনোৱা নাছিল। এই ইণ্ডাষ্ট্ৰিটো সেই সকল লোক আৰু দৰ্শকে বনাইছে যিয়ে টিকট ক্ৰয় কৰিছে।

অভিনেত্ৰী গৰাকীয়ে লগতে কোটি কোটি দেশবাসীয়ে ইণ্ডাষ্ট্ৰিটো বনোৱা বুলিও উল্লেখ কৰে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলিউডৰ একাংশ প্ৰযোজক, পৰিচালক. অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগনাই আজি এক টুইটযোগে এই মন্তব্য কৰে।

তেওঁ টুইটোত কয়, ‍‘ইণ্ডাষ্ট্ৰি কেৱল কৰণ জোহৰ/তেওঁৰ দেউতাকে বনোৱা নাই, বাবা ছাহেব ফাল্কেৰ পৰা প্ৰতিগৰাকী কলাকাৰ আৰু শ্ৰমিকে বনাইছে, সেইগৰাকী সেনাই যিয়ে সীমা বচাইছে, সেইজন নেতাই যিয়ে সংবিধান ৰক্ষা কৰিছে, সেইজন লোকে যিয়ে টিকট ক্ৰয় কৰিছে, ইণ্ডাষ্ট্ৰি কোটি কোটি ভাৰতবাসীয়ে বনাইছে’।

উল্লেখ্য যে সুশান্ত ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ কৰা মন্তব্যৰ বাবে শিৱসেনাৰ ৰোষত পৰাও পৰিলক্ষিত হৈছে বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট।

ইয়াৰ পিছৰে পৰা শিৱসেনা আৰু অভিনেত্ৰী কংগনা ৰাণাৱটৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি আছে।

Related News