NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং জিলাৰ ৰংমঙৱেৰ শিলৰ কুৱেৰীত পাহাৰ খহি নিহত এজন

Posted by: উত্তম শইকীয়া August 12, 2018 9:56 am

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত থকা কাৰ্বি আংলং জিলাৰ ৰংমঙৱে নামৰ স্থানত থকা শিলৰ কুৱেৰীত শনিবাৰে বিয়লি সংঘৰ্টিত এক দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

উল্লেখযোগ্য যে শনিবাৰে বিয়লি হঠাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত কাৰ্বি আংলং জিলাৰ ৰংমঙৱেত থকা শিলৰ কুৱেৰীত অবৈধভাৱে পাহাৰ খনন কৰি থকা অৱস্থাত পাহাৰ খহি শিল ভঙা  তিনিটাকৈ মেচিন পুতি পেলায়।

ফলত এই পাহাৰ খহি শিল ভঙা মেচিনৰ পোত যোৱাৰ লগতে পোত যায় শিল ভঙা মেটিনৰ এজন চালক আৰু তেওঁ ঘটনাস্থলীতে নিহত হয়।

নিহত হোৱা শিল ভঙা মেচিনৰ চালক জনৰ নাম ৰূপম কলিতা আৰু তেওঁ বাইহাটা চাৰিআলিৰ নিৱাসী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে জখলাবন্ধাৰ জনৈক বাবু আৰু নেৱাৰ নামৰ শিল ব্যৱসায়ী দুজন আছিল এই শিল ভঙা মেচিনৰ স্বত্বাধিকাৰ। আৰু দুৰ্ঘটনাটোত নিহত চালকজন বাবু নামৰ শিল ব্যৱসায়ীজনৰ শিল ভঙা মেচিনৰ চালক আছিল বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে ৰংমংৱে থানাৰ  অন্তৰ্গত ৰংমংৱে খণ্ড বন  কাৰ্য্যালয়ৰ সমীপত পূৰ্বৰে পৰা এই শিল ব্যৱসায়ী চক্ৰটোৱে চোৰাংকৈ শিল খনন কাৰ্য চলাই আছিল।