NORTHEAST NOW (Assamese)

বাংগালুৰুত মেট্ৰ’ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে কৰ্ণাটক চৰকাৰ সাজু, অপেক্ষা কেন্দ্ৰৰ সেউজ সংকেতলৈ

August 28, 2020 9:26 pm · এন ই নাও নিউজ

বাংগালুৰুত মেট্ৰ’ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে কৰ্ণাটক চৰকাৰে।

কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েডিৰুপ্পাই এখন সংবাদমেলত ৰাজ্য চৰকাৰে মেট্ৰ’ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সাজু বুলি উল্লেখ কৰি এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ অনুমতিৰ বাবে অপেক্ষা কৰিছে বুলি মত প্ৰকাশ কৰে।

”ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ সময়ত সাধাৰণ জনতাৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ঘুৰাই অনাৰ ক্ষেত্ৰত এঢাপ এঢাপকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে,” য়েডিৰুপ্পাই কয়।

সকলো ধৰণৰ ক’ৰ’না প্ৰতিৰোধী নীতি-নিৰ্দেশনা পালন কৰি বাংগালুৰুত অতি সোনকালে মেট্ৰ’ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰা হ’ব বুলি মুখ্য মন্ত্ৰী বি এছ য়েডিৰুপ্পাই কয়।

উল্লেখযোগ্য যে, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েডিৰুপ্পা নিজে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

চিকিৎসালয়ত কিছুদিন চিকিৎসা গ্ৰহণ কৰাৰ পাছত য়েডিৰুপ্পা সম্পুৰ্ণ ৰূপে সুস্থ হৈ উঠিছিল।

Related News