NORTHEAST NOW (Assamese)

প্ৰশাসনিক দক্ষতা আৰু উন্নয়নৰ ক্ষেত্ৰত দেশৰ ১৩ সংখ্যক স্থানত অসম, প্ৰথম স্থানত কেৰালা

October 31, 2020 11:50 am · এন ই নাও নিউজ
Updated: October 31, 2020 12:04 pm

দেশৰ বিভিন্ন ৰাজ্যত প্ৰশাসনিক কাম কাজ কিদৰে পৰিচালিত হৈছে? বিভিন্ন ৰাজ্যই সকলো ক্ষেত্ৰতে উন্নয়ন সাধন হোৱা বুলি ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃতাৰ্থত সেয়া সঁচানে?

এনেবোৰ প্ৰশ্নৰ উত্তৰ লৈ দেশবাসীৰ সন্মুখত আজি হাজিৰ কৰোৱা হৈছে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰশাসনিক দিশৰ লগতে আন ভালেমান দিশ সামৰি প্ৰস্তুত কৰা ৰাজহুৱা কাৰ্যাৱলীৰ সূচ্যাংক।

এই সূচ্যাংকৰ তালিকাত শীৰ্ষত আছে  বাও দলৰ চৰকাৰে পৰিচালনা কৰা ৰাজ্য কেৰালা।

কেৰালাৰ পি এ আই সূচ্যাংক হৈছে ১.৩৮৮,কেৰালাৰ পিছতে প্ৰশাসনিক আৰু উন্নয়নৰ দিশত ভাল পাৰদৰ্শিতা দেখুওৱা ৰাজ্য খন হৈছে তামিলনাডু, তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ।

সৰু ৰাজ্যৰ শিতানত গোৱাই পি এ আই সূচ্যাংক ১.৭৪৫ অৰ্জন কৰি প্ৰথম স্থানত আছে। সৰু ৰাজ্যৰ শিতানত দ্বিতীয় স্থানত থকা ৰাজ্য খন হৈছে মেঘালয়।

তাৎপৰ্যপূৰ্ণভাৱে এই সূচ্যাংকৰ তালিকাত অসমৰ স্থান হৈছে ১৩।উন্নয়ন আৰু প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত অসমৰ সূচ্যাংক আছে বিয়োগৰ ঘৰত।

অসমৰ সূচ্যাংক হৈছে -০.৬৭১।বলাৎকাৰ, হত্যা আদিৰে প্ৰায় প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰা উত্তৰ প্ৰদেশ আছে তালিকাৰ  একেবাৰে শেষত।

-১.৪৬১ সূচ্যাংকৰে উত্তৰ প্ৰদেশৰ স্থান হৈছে ১৮। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ প্ৰাক্তন মুৰব্বী ডঃ কে কস্তুৰিৰংগনৰ নেতৃত্বত চলোৱা এই সমীক্ষাই উদঙাই দিছে যে অসমত প্ৰকৃতাৰ্থত কোনো সাৰ্বিক উন্নয়ন হোৱা নাই।

এই সমীক্ষাত  স্বাস্থ্য, শিক্ষা, পৰিকাঠামো, শিশু আৰু মহিলাৰ বিকাশ, পৰিপুষ্টি  আদি বিষয় সমূহ সামৰি লোৱা হৈছিল।

Related News