NORTHEAST NOW (Assamese)

চকু বান্ধি ৰাজপথত দ্ৰুততম স্কেটিং, গীনিজ ৰেকৰ্ড গঢ়িলে ভাৰতীয় কিশোৰীয়ে

November 1, 2020 7:58 am · এন ই নাও নিউজ

ভাৰতৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে চকু বন্ধা অৱস্থাতে নিৰ্দ্ধাৰিত সময়তকৈয়ো কম সময়ত নিৰ্দিষ্ট দূৰত্ব স্কেটিং কৰি সকলোৰে চকু থৰ লগাই দিবলৈ সক্ষম হৈছে।

স্কেটিঙৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এই গৰাকী ভাৰতীয় কিশোৰী হৈছে কৰ্ণাটকৰ ওজাল সুনীল নালাভাদিৰ।

কিশোৰী গৰাকীয়ে শেহতীয়াকৈ ক’লা কাপোৰেৰে চকু বন্ধা অৱস্থাতে ৰাজপথত ৫১.২৫ ছেকেণ্ডতে ৪০০ মিটাৰ স্কেটিং কৰি বিশ্বৰ দ্ৰুতবেগী মহিলা স্কেটাৰ হিচাবে স্বীকৃতি লাভ কৰিছে।

গীনিজ বুক কৰ্তৃপক্ষই নালাভাদিৰক ৪০০ মিটাৰৰ স্কেটিঙৰ বাবে সৰ্বোচ্চ ৬০ ছেকেণ্ডৰ সময় বান্ধি দিছিল যদিও তেওঁ সেই সময়তকৈ আগতেই অৰ্থাৎ ৫১.২৫ ছেকেণ্ডতে নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়।

১৪ বছৰীয়া কিশোৰী গৰাকীৰ এনে সাফল্যত এতিয়া গৰ্বিত হৈ পৰিছে কৰ্ণাটকবাসী।

চকুত ক’লা কাপোৰ বান্ধি ৪০০ মিটাৰ স্কেটিং কৰাৰ ভিডিঅ’ নালাভাদিৰে ইনষ্টাগ্ৰামত প্ৰকাশ কৰাৰ পিচতে বিশ্বৰ কোটি কোটি লোকে সেই ভিডিঅ’ চাইছে।

ইয়াৰ পূৰ্বে ভাৰতৰ কোনো কিশোৰীয়ে চকু বন্ধা অৱস্থাত স্কেটিং কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাছিল।

কিশোৰী গৰাকীয়ে তেওঁৰ ক্ৰীড়া প্ৰতিভাৰ বলত ইতিমধ্যে এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছো নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।

Related News