NORTHEAST NOW (Assamese)

আৰএছএছৰ অনুষ্ঠানত যোগদান, চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰ্ণাটক চৰকাৰৰ

October 18, 2025 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী

আৰএছএছৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিপদত চৰকাৰী কৰ্মচাৰী। এই অনুষ্ঠানত যোগদান কৰি কৰ্ণাটকত চাকৰিৰ পৰা বৰ্খাস্ত হ’ল চৰকাৰী কৰ্মচাৰী।

কৰ্ণাটকৰ পঞ্চায়ত বিভাগৰ প্ৰবীণ কুমাৰ কে পি নামৰ এজন বিষয়াই শেহতীয়াকৈ আৰ এছ এছৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰে। আনকি সংঘৰ পোছাক পৰিধান কৰি প্ৰবীণে পেৰেডতো অংশগ্ৰহণ কৰে। ঘটনা অনুসৰি স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে ৰাইচুৰ জিলাৰ লিংকাসুগুৰিত আৰ এছ এছে এক সমাৱেশৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানত পঞ্চায়ত বিষয়াগৰাকীয়ে সংঘৰ পোছাক পৰিধান কৰি পেৰেডত অংশ লয়। সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰা হয় আৰু চৰকাৰে নিলম্বন কৰে।

ইয়াৰ ফলত কৰ্ণাটকত পুনৰ ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত হৈছে। বিজেপিৰ প্ৰশ্ন, আৰএছএছ কোনো নিষিদ্ধ সংগঠন নহয়। সংঘৰ কোনো অনুষ্ঠানত উপস্থিত থাকিলে কি ভিত্তিত চৰকাৰী চাকৰি হেৰুৱায়?

আনহাতে, কংগ্ৰেছৰ যুক্তি হ’ল ৰাজ্যিক সেৱাৰ নিয়ম বা চাৰ্ভিচ ৰুলত উল্লেখ আছে যে চৰকাৰী কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক সংগঠনৰ কাম-কাজত মুকলিকৈ অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু আৰএছএছ নিঃসন্দেহে এটা ৰাজনৈতিক সংগঠন।

কৰ্ণাটক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যই এই নিলম্বনক সম্পূৰ্ণ অবৈধ বুলি দাবী কৰিছে। সূৰ্যই কয় ইতিমধ্যে আদালতে কয় যে চৰকাৰী কৰ্মচাৰীয়ে আৰ এছ এছৰ কাৰ্যসূচীত যোগদান কৰিব পাৰিব। আদালতত গোচৰ ৰুজু হ’লে এই নিলম্বনৰ কোনো ভিত্তি নাথাকিব।

Related News