NORTHEAST NOW (Assamese)

হিজাব বিতৰ্ক: আজি ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে

March 15, 2022 10:47 am · এন ই নাও নিউজ, গুৱাহাটী

সমগ্ৰ দেশতে তোলপাৰ লগোৱা বহু চৰ্চিত কৰ্ণাটকৰ হিজাব বিতৰ্ক সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থীৰ নেতৃত্বত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে আজি এই সন্দৰ্ভত ৰায় ঘোষণা কৰিব।

ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে.এম খাজীক লৈ গঠিত বিচাৰপীঠে ২৫ ফেব্ৰুৱাৰীত উদুপী জিলাৰ দুখন চৰকাৰী প্ৰাক-বিশ্ববিদ্যালয় মহাবিদ্যালয়ত অধ্যয়নৰত নগৰাকী মুছলমান ছাত্ৰীৰ দ্বাৰা দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল।

আৱেদনকাৰী-শিক্ষাৰ্থীসকলে আবেদনযোগে শিক্ষানুষ্ঠানত শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পৰিধান কৰাটো তেওঁলোকৰ ধৰ্মীয় স্বাধীনতাৰ মৌলিক অধিকাৰ বুলি ঘোষণাৰ বাবে উচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছিল।

আৱেদনকাৰীসকলৰ মূল যুক্তি আছিল যে ইছলামধৰ্মী বিশ্বাস অনুসৰি মহিলাসকলৰ বাবে হিজাব এক অপৰিহাৰ্য প্ৰথা আৰু চৰকাৰ বা শিক্ষানুষ্ঠানসমূহে শ্ৰেণীত উপস্থিত থকাৰ সময়ত হিজাব পিন্ধিবলৈ বাধা দিব নোৱাৰে।

বিচাৰপীঠে ১০ ফেব্ৰুৱাৰীত গৃহীত ইয়াৰ অন্তৱৰ্তীকালীন আদেশত পৰৱৰ্তী ৰায় ঘোষণা নোহোৱা পৰ্যন্ত সকলো শিক্ষাৰ্থীক তেওঁলোকৰ ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে গেৰুৱা স্কার্ফ, হিজাব, ধৰ্মীয় পতাকা বা শ্ৰেণীকোঠাত এনেধৰণৰ পোছাক পিন্ধিবলৈ বাধা দিছিল।

Related News