NORTHEAST NOW (Assamese)

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক সমালোচনা ‘এক্স’ৰ : মত প্ৰকাশৰ স্বাধীনতা উলংঘাৰ অভিযোগ

September 29, 2025 6:45 pm · এন ই নাও নিউজ, গুৱাহাটী

চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে শেহতীয়াকৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াক মত প্ৰকাশৰ স্বাধীনতা “উলংঘা বুলি অভিহিত কৰিছে।

এক্সে কয় যে এই নিৰ্দেশে আৰক্ষীক “সহযোগ” নামৰ এটা গোপন অনলাইন পৰ্টেলৰ জৰিয়তে অনলাইন কন্টেন্ট ইচ্ছাকৃতভাৱে আঁতৰাবলৈ ক্ষমতা প্ৰদান কৰে।

সোমবাৰে এক্সে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে, “এই নতুন ব্যৱস্থাটো আইন অনুসৰি হোৱা নাই আৰু ই আইটি আইনৰ ৬৯এ ধাৰাক আওকাণ কৰে। ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত আৰু ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ যেনে মত প্ৰকাশৰ স্বাধীনতাও উলংঘা কৰা হৈছে।”

এক্সে কয়, “সহযোগ পৰ্টেলে কৰ্তৃপক্ষক কেৱল অভিযোগৰ ভিত্তিত আৰু ন্যায়িক পৰ্যালোচনা অবিহনে বিষয়বস্তু আঁতৰোৱাৰ নিৰ্দেশ দিবলৈ অনুমতি দিয়ে।”

এক্সে কয় যে তেওঁলোকে ভাৰতীয় সংবিধান আৰু আইনক সন্মান কৰে। কিন্তু এই সিদ্ধান্ত আইন আৰু সংবিধানৰ পক্ষে যোৱা নাই।

এক্সে আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাব বুলিও উল্লেখ কৰিছে।

Related News