NORTHEAST NOW (Assamese)

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ‘লিকাৰ মাফিয়া’ মতি সিং

February 21, 2021 10:52 am · এন ই নাও নিউজ

যোগী আদিত্যনাথৰ ৰাজ্যত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিলে কুখ্যাত লিকাৰ মাফিয়া মতি সিঙক।

কিছুদিন পূৰ্বে মদৰ কাৰখানা উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলাই মতি সিঙৰ লোকে হত্যা কৰিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন কনিষ্টবলক। ৰাজ্য খনৰ কাশগঞ্জ জিলাৰ ধীমেৰগাঁৱত মতি সিঙে গঢ়ি তুলিছিল মদৰ অবৈধ কাৰখানা।

সেই কাৰখানা উচ্ছেদ কৰিবলৈ কিছুদিন পূৰ্বে গৈছিল আৰক্ষীৰ এটা দল। কিন্তু আৰক্ষীৰ দলটোক মতি সিঙৰ লোকে আক্ৰমণ কৰাত থিতাতে এজন কনিষ্টবল নিহত হৈছিল।

আহত হৈছিল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক। এই ঘটনাই সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বহুতে আইন-শৃংখলাৰ অৱনতিৰ বাবে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক জবাবদিহি কৰিছিল।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লিকাৰ মাফিয়া মতি সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

যোৱা নশিা আৰক্ষীৰ এটা বৃহৎ দলে মতি সিঙৰ মদৰ কাৰখানা থকা ধীমেৰগাঁও খন চাৰিও পিনৰ পৰা ঘেৰি ধৰে।

মতি সিঙৰ লোকে আৰক্ষীক লক্ষ্য কৰি গুলিচালনা কৰাৰ পিছত আৰক্ষীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে।

ফলত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।এই সংঘৰ্ষত মতি সিং নিহত হয়।

উল্লেখ্য কিছুদিন পূৰ্বে আৰক্ষীয়ে মতি সিঙৰ ভাতৃ লেকাৰৰো মৃত্যু ঘটিছিল।

Related News