NORTHEAST NOW (Assamese)
অসম

আজি কাতি বিহু; তুলসী তলত মাটিৰ চাকি জ্বলাই কঙালীত লখিমীক আদৰাৰ কামনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 17, 2024 10:17 am

আজি কাতি বিহু। লগতে অসমীয়াৰ বাবে এয়া কঙালী বিহু। শইচৰ পথাৰ সেউজীয়া হৈ পৰাৰ সময়ত ভঁৰালত লখিমী উপচি পৰাৰ কামনাৰে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ দিন। কাতি বিহু উৎসৱৰ বিহু নহয়, প্ৰাৰ্থনা আৰু আশা ৰোপনৰ বিহু। সেয়ে ইয়াত নাই কোনো আনন্দ-উছাহৰ থল।

পথাৰত শইচৰ থোৰ মেলা সময়ত পালন কৰা কাতি বিহুত আজি প্ৰতিঘৰ অসমীয়াই ঘৰৰ তুলসী তলত এগছি বন্তি জ্বলাই সেৱা জনাব।

তদুপৰি, নিজৰ ঘৰৰ পিৰালি, শইচৰ পথাৰ তথা পদূলিমুখতো মাটিৰ চাকি জ্বলোৱা হয়। বহুতেই আকাশ বন্তিও জ্বলায়।

সাধাৰণতে অক্টোবৰ মাহৰ মাজভাগত পৰা কাতি বিহুৰ দিনাৰে পৰা ঘৰলৈ লখিমী আদৰাৰ প্ৰস্তুতি আৰম্ভ হয়।

অসমীয়াৰ জীৱন শৈলীত কাতি বিহুৱে কেৱল যে সেৱা সমাহিত ভাৱৰেই সৃষ্টি কৰে তেনে নহয়, লগতে কাতি বিহুৰ পৰাই অসমীয়াই ভোগালীৰ দিন-ক্ষণলৈ বৰ হেঁপাহেৰে অপেক্ষা কৰে।

বৰ্তমান পৰিস্থিতিত ভোগালীৰ কামনাৰ মাজতে কিন্তু এক মন প্ৰাণ শংকিত কৰি তোলা এক ভৱিষ্যতৰো উকমুকনি দেখা গৈছে।

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ অসমীয়াক মাধমাৰ শোধৱোৰ সময়ত ভোগালীৰ উত্তাপো ম্লান কৰি তোলাৰ আশংকাই দেখা দিছে।

বজাৰত সকলো বস্তুৱে এতিয়া মহঙা হৈ পৰিছে। কঙালীৰ বতৰত মূল্যবৃদ্ধিৰ বজাৰত আশাহত সাধাৰণ লোকৰ বাবে হয়তো অহা ভোগালীও কঙালীতে পৰিণত হ’ব।

তথাপি, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে পণ কৰি অহা অসমীয়াই প্ৰতিবাৰৰ দৰেই এইবেলিও বহু আশাৰ সপোন ৰচি পালন কৰিব আদৰৰ কাতি বিহু।