NORTHEAST NOW (Assamese)

যান্ত্ৰিকতাৰ মহানগৰীত কাতি বিহু! ‘অসমৰ শিপা’ই বিলালে তুলসী পুলি

October 18, 2018 2:17 pm · কল্পজ্যোতি শইকীয়া

মহানগৰীৰ যান্ত্ৰিকতা তথা ব্যস্ততাৰ মাজত ক্ৰমশঃ হেৰাই যাব খোজা অসমীয়াৰ বাপতিসাহোন কঙালী বিহুটোক নতুন প্ৰজন্মৰ মাজত পুনৰ উজ্জীৱিত কৰাৰ মানসেৰে এইবাৰ ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে প্ৰবাসী কেইগৰাকীমান অসমীয়াই।

এই প্ৰচেষ্টাৰে অংশ হিচাপে কাতি বিহুৰ দিনাই আমেৰিকাস্থিত বৈয়িং অভিযন্তা ড০ আৰতি বৰবৰুৱা আৰু কানাডাস্থিত কেলগেৰীৰ অভিযন্তা অভিশ্ৰুতি দত্তই ‘অসমৰ শিপা নামৰ এক প্লেটফ্ৰমৰ উদ্যোগত জু-ৰোড তিনিআলিস্থিত শংকৰদেৱ কৃষ্টি সংঘ নামঘৰৰ সহযোগত এই তুলসী পুলি বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

আজি পুৱা ১০ বজাৰ পৰা এই উপলক্ষে ‘অসমৰ শিপাই’ জু-ৰোড তিনিআলিৰ স্থানীয় ৰাইজৰ মাজত  ২০০ তুলসী পুলি বিতৰণ কৰে।

সেনাৰ প্ৰাক্তন চিকিৎসক কৰ্ণেল ডাঃ পুলিন চন্দ্ৰ বৰুৱাই এই তুলসী বিতৰণ কাৰ্য্যসূচী শুভাৰম্ভণি কৰে।

তুলসী পুলি বিতৰণ কাৰ্য্যসূচী শুভাৰম্ভ কৰি ‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ-ধেনু ধৰে’ শীৰ্ষক পৌৰানিক আখ্যান বাখ্যা কৰাৰ লগতে তুলসীৰ বনৌষধি  গুণাগুণ সম্পৰ্কে কিছু কথা কয়।

তেওঁ লগতে কয়, ‘তুলসী পুলিয়ে প্ৰদুষণ মুক্ত কৰে। তুলসী পুলি এটা য’ত থাকে তাৰ পৰা ১০০ মিটাৰ দুৰত্বৰ সকলো প্ৰদুষণ দূৰ কৰি অক্সিজেন বিয়পোৱাত সহায় কৰে।‘

উক্ত অনুষ্ঠানত নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যোগেশ্বৰ বৰা, মুকুটলোচন কলিতাও উপস্থিত থাকে।

Related News