NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত অস্থায়ী বনকৰ্মী; পুনৰ দুজনক আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 25, 2020 11:13 am
IMG-20201025-WA0002~2

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ নিয়ন্ত্ৰিত হৈছে যদিও অতি সংগোপনে ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

গঁড় হত্যাৰ সাময়িক নিয়ন্ত্ৰণৰ সময়তে গঁড়ৰ খৰ্গৰ একাংশ চোৰাং বেপাৰীয়ে অতি কৌশলেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তুলিছে এক নেটৱৰ্ক ৷

কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ বিশেষ তৎপৰতাত পোহৰলৈ অহা এই নেটৱৰ্কে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

গঁড়ৰ খৰ্গৰ চোৰাংব্যৱসায়ী এই চক্ৰৰ নিয়ন্ত্ৰণত ৰাষ্ট্ৰীয় উদ্যান খনত কৰ্মৰত একাংশ অস্থায়ী বনকৰ্মীয়ে  ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সংগোপনে সংগ্ৰহ কৰা গঁড়ৰ খৰ্গ আনি তুলি দিয়ে এই চোৰাং ব্যৱসায়ীৰ হাতত ৷

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কাজিৰঙাৰ ব্যক্তিগত পৰ্যটক নিৱাসৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি স্থানীয় একাংশ লোকক বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷

যোৱা ছেপ্টেম্বৰ মাহত এটুকুৰা খৰ্গৰ অবৈধ ব্যৱসায়ৰ আঁত ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে চলোৱা অভিযানত গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ৰ সৈতে কাজিৰঙাৰ বহু কেইজন হাতীৰ মাউত হিচাবে কাম কৰা অস্থায়ী বনকৰ্মী জড়িত থকাৰ তথ্য পোহৰলৈ আহে ৷

এই অভিযানৰ আঁত ধৰিয়েই শনিবাৰৰ দিনাও আৰু দুজন হাতী মাউত হিচাবে কৰ্মৰত অস্থায়ী বনকৰ্মীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

ধৃত লোক দুজন জামচেৰ আলী আৰু ধনমনি ৰাভা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ ইয়াকে লৈ এই অভিযানত কাজিৰঙাৰ ৭ গৰাকী অস্থায়ী বনকৰ্মীক আটক কৰিছে অভিযানকাৰী দলে ৷

এই চক্ৰৰ সৈতে আৰু ভালেসংখ্যক লোক জড়িত থকাৰ তথ্যও আছে বন বিভাগৰ হাতত ৷ অচিৰেই এই সকল লোকো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় হাতী চোৱাচিতাৰ বাবে নিয়োজিত এই অস্থায়ী কৰ্মী সকলে ধনৰ বিনিময়ত ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিকভাৱে সৰি পৰা গঁড়ৰ খৰ্গ সংগ্ৰহ কৰি চোৰাংব্যৱসায়ীক দি আহিছিল ৷ যিটো কাৰ্য চিকাৰীয়ে গঁড় হত্যা কৰা কাৰ্যতকৈও ভয়াবহ বুলি বিবেচিত হৈছে ৷

গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় উদ্যানখনত আৰু ভয়াবহ কাণ্ড সংঘৰ্টিত হোৱাৰ সম্ভাৱনা আছে ৷