NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 13, 2020 10:00 am

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাতীখুলিৰ বৰবিল অঞ্চলত আজি পুৱা গঁড়ৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোকজনক বোকাখাতৰ লখৌজান চাহ বাগিচাৰ সুৰেন নাহক বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে হাতীখুলি বৰবিলত থকা পুত্ৰ অজয় নাহকৰ ঘৰত থকা সুৰেন নাহকে আজি পুৱা প্ৰাতঃকৃত সম্পন্ন কৰিবলৈ যাওঁতে অঞ্চলটোত বিচৰণ কৰি থকা এটা গঁড়ে লোকজনক আক্ৰমণ কৰি আহত কৰে।

গঁড়ৰ আক্ৰমণত আহত লোকজনক ততাতৈয়াকৈ হাতীখুলি চাহ বাগিচাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ লোকজনে হাত আৰু মুৰৰ লগতে চকুত বেয়াকৈ আঘাত পাইছে ৷