NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীৰ ঘোষণা; স্থায়ী নাগৰিকক চৰকাৰে দিব বৃহৎ পৰিমাণৰ ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2020 12:09 pm
honk kong

এখন ৰাষ্ট্ৰৰ চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে।

ৰাষ্ট্ৰৰখনৰ স্থায়ী নাগৰিকৰ বাবে কৰিছে এই ঘোষণা।

ঘোষণাৰ অনুসৰি চৰকাৰে দেশখনৰ স্থায়ী নাগিৰকসকলক প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন।

এই ঘোষণা কৰিছে এছিয়া মহাদেশৰ এখন ক্ষুদ্ৰকায় ৰাষ্ট্ৰ হংকঙৰ প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে হংকঙত আছে মাথো ৭ মিলিয়ন স্থায়ী বাসিন্দা। চীনৰ প্ৰতিৱেশী ৰাষ্ট্ৰ হংকঙৰ জনসাধাৰণেও ইতিমধ্যে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবে হংকঙৰ নাগৰিকসকল যথেষ্ট আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে। দেশখনৰ নাগৰিকক এই আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰা বাবে হংকঙৰ চৰকাৰে নাগৰিকক ১,২৮০ ইউ এছ ড’লাৰকৈ দিয়াৰ কথা ঘোষণা কৰিছে।

হংকঙৰ প্ৰধানমন্ত্ৰী প’ল চানে এই ঘোষণা কৰি কৈছে যে ‘এই ধনে নাগৰিকসকলৰ বাৰ্ষিক বাজেটক কিছু সকাহ প্ৰদান কৰিব।’

দেশখনৰ বিত্ত মন্ত্ৰীগৰাকীয়ে কৈছে ‘১২০ বিলিয়ন হংকঙ ড’লাৰে হংকঙৰ ভাঙি পৰা অৰ্থনীতিক সুস্থিৰ কৰি তুলিব। নাগিৰকক প্ৰদান কৰা আৰ্থিক সাহায্যৰ বাবে প্ৰায় ৭১ বিলিয়ন হংকঙ ড’লাৰ খৰচ হ’ব। আৰু এই সাহায্যৰ দ্বাৰা তেওঁলোকে ভাঙি পৰা অৰ্থনৈতিক অৱস্থাৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিব।’

ইফালে চীনত ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা পিছতে হংকঙত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশখনে শিক্ষানুষ্ঠানসমূহৰ বন্ধৰ ম্যাদ আৰু বৃদ্ধি কৰিছে। পূৰ্বে ঘোষিত ১৬ মাৰ্চৰ পৰা এতিয়া এই বন্ধৰ ম্যাদ ২০২০ চনৰ ২০ এপ্ৰিললৈকে বৃদ্ধি কৰিছে দেশখনে।