NORTHEAST NOW (Assamese)
অসম

চকুত কাজল, নাকত নাকফুলি; ৱেবছিৰিজত এইবাৰ নতুন ৰূপত মিলিন্দ সুমন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2020 12:11 pm
WhatsApp Image 2020-12-06 at 11.43.12 AM

প্ৰথমবাৰৰ বাবে এইবাৰ এক নতুন ৰূপত দেখা যাব মডেল-অভিনেতা মিলিন্দ সুমনক। তৃতীয় লিংগৰ এক চৰিত্ৰত অভিনয় কৰিছে মিলিন্দে।

পৌৰাণিক চিত্ৰনাট্যৰ ওপৰত ভিত্তি কৰি নিৰ্মাম কৰা নতুন ৱেবছিৰিজ ‘পৌৰপুৰুষ’ত এনে এক নতুন ৰূপত ভূমুকি মাৰিছে অভিনেতাগৰাকীয়ে।

ইনষ্টাগ্ৰামত ছবি শ্বেয়াৰ কৰি মিলিন্দ সুমনে লিখিছে যে তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ চৰিত্ৰত অভিনয় কৰিছে। পৌৰুষপুৰত তৃতীয় লিংগৰ লোকৰ যুঁজ চলিব।

মিলিন্দৰ কপালত সেন্দুৰৰ ফোঁট, চকুত কাজল, নাকত নাকফুলি দেখি অনুৰাগীসকল সঁচাকৈয়ে আচৰিত হৈ পৰিছে। কাল্পনিক সাম্ৰাজ্য পৌৰুষপুৰৰ বাসিন্দাৰ অভিনয় কৰা ইয়াত চিত্ৰিত হৈছে তৃতীয় লিংগৰ প্ৰতিষ্ঠাৰ কাহিনী।

জি ফাইভ আৰু একতা কাপুৰৰ প্ৰযোজনাত নিৰ্মিত এই ৱেবছিৰিজটোত অভিনেত্ৰী শিল্পা ছিণ্ডেকো দেখা যাব। ৱেবছিৰিজটোত প্ৰেম, বিবাহ, যৌনতা, বিশ্বাসঘাতকতা তথা সমকামীৰ দৰে বিষয়সমূহ উপস্থাপিত হৈছে।

পৌৰপুৰুষত সম্ৰাটৰ চৰিত্ৰত অবিনয় কৰিছে অনু কাপুৰে। তদুপৰি, ৱেবছিৰিজটোত থাকিব পৌলমাী দাস, ফ্ল’ৰা ছাইনী, চাহিল ছালাথিয়া, লাল আদিত্যৰ দৰে টিভি তাৰকাক।

নৱেম্বৰত প্ৰথম দৃষ্টিলৈ অহা ৱেবছিৰিজ পৌৰপুৰুষৰ টিজাৰ মুকলি হোৱাৰ পাছতে দৰ্শকৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।