NORTHEAST NOW (Assamese)
অসম

সুদীৰ্ঘ ৯ মাহৰ মূৰত দৰ্শকৰ বাবে মুকলি কৰা হ’ল গুৱাহাটী তাৰকাগৃহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2020 11:33 am
a Guwahati-Planetarium

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ ৯ মাহ ধৰি বন্ধ হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম তাৰকাগৃহ গুৱাহাটী তাৰকাগৃহ দেওবাৰৰ পৰা পুনৰ দৰ্শকৰ বাবে  খুলি দিয়া হৈছে।

তাৰকাগৃহৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াৰে পৰা পুনৰ আগৰ দৰেই তাৰকাগৃহত দৰ্শকে মহাকাশৰ তথ্য সমৃদ্ধ ঘটনাৱলী প্ৰত্যক্ষ কৰাৰ সুবিধা পাব।

উল্লেখ্য গুৱাহাটী তাৰকাগৃহত শেহতীয়াকৈ ১২.৪২ কোটি টকা ব্যয় কৰি এটা মাল্টি এক্টিভিটি চেণ্টাৰ গঢ়ি তোলা হৈছে। এই মাল্টি এক্টিভিটি চেণ্টাৰত ডি-থিয়েটাৰৰ সুবিধা থকাৰ লগতে ভাৰ্চুৱেল ৰিয়েলিটি লেব,টিংকেৰিং লেব আদিও আছে।

মাল্টি এক্টিভিটি চেণ্টাৰত এটা সুন্দৰ প্ৰেক্ষাগৃহও নিৰ্মাণ কৰি উলিওৱা হৈছে।

দেশৰ ভিতৰতে এটা আগশাৰীৰ তাৰকাগৃহ হিচাবে পৰিগণিত হোৱা গুৱাহাটী তাৰকাগৃহত জাপানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ছবি প্ৰদৰ্শন কৰা হয়।

তাৰকাগৃহটোত আজিৰ যুগৰ সকলো অত্যাধুনিক প্ৰযুক্তিয়েই ব্যৱহাৰ কৰা হৈছে।

সেয়ে দৰ্শকৰ সন্মুখত মহাকাশৰ সকলো দৃশ্য তাৰকাগৃহটোত অতি জীৱন্ত ৰূপত ফুটি উঠে।

ক’ৰ’ণাতংকৰ বাবে তাৰকাগৃহটো বন্ধ হৈ পৰাত চৰকাৰৰো যথেষ্ট লোকচান হৈছে।

এতিয়াৰে পৰা যাৱতীয় কোভিড সম্পৰ্কীয় সতৰ্কতা অৱলম্বন কৰি দৰ্শকসকলে তাৰকাগৃহত মহাকাশৰ দৃশ্য উপভোগ কৰিব পাৰিব।