NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলত যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ November 8, 2019 2:30 pm
মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলত যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

গুৱাহাটীৰ চানমাৰি উৰণীয়া সেতুৰ তলৰ ৰে’লৱে লাইনত বৃহস্পতিবাৰে নিশা পাঠশালাৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বৃহত্তৰ বজালী অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে।

নিহত যুৱকজনক পাঠশালা নগৰৰ ব্যৱসায়ী অক্ষেন্দ্ৰ তালুকদাৰ (৩৩) বুলি চিনাক্ত কৰা হৈছে। যোৱা ৬ নবেম্বৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল।

পৰিয়ালৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে। তেওঁলোকৰ মতে যুৱকজনক অন্য ঠাইত হত্যা কৰি পিছত ইয়াক দুৰ্ঘটনা বা আত্মহত্যাৰ ৰূপ দিয়াৰ উদ্দেশ্যে মৃতদেহটোক ৰে’ল লাইনত পেলাই থোৱা হয়।

অক্ষেন্দ্ৰ যোৱা বুধবাৰে ব্যৱসায়ীক কাৰণত বৰপেটালৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে লগতে জানিবলৈ দিয়ে।

মৃতদেহটোক পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। নিহত যুৱকজনৰ পৰিয়ালে ঘটনাৰ সঠিক তদন্তৰ দাবী জনাইছে।