NORTHEAST NOW (Assamese)
অসম

বিশ্বত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২ মিলিয়ন অতিক্ৰম; ভাৰতত ১১,৪৩৯ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 11:59 am
Story-4-5-1140x570

ভাৰতৰ পৰিয়াল কল্যান মন্ত্ৰ্যালয়ে মঙলবাৰে ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১,৪৩৯ গৰাকীলৈ বৃদ্ধি পাইছে বুলি সদৰি কৰে।

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ ৩৭৭ গৰাকী লোকৰ মৃত্যু হৈছে আৰু মুঠ ১,৩০৬ গৰাকী ৰোগী ক’ৰ’না ভাইৰাছৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ভাৰতত বৰ্তমান ৯৭৫৬ গৰাকী সক্ৰিয় ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী আছে যাৰ ভিতৰত মুঠ ৭৬ গৰাকী বিদেশী নাগৰিক।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই আজি ২ মিলিয়ন অতিক্ৰম কৰে।

অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা মঙলবাৰে নিশা ৩২ গৰাকীলৈ বৃদ্ধি পায়।

ধুবুৰীৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে।

উল্লেখযোগ্য যে, ১৪ তাৰিখে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ বাবে ভাৰতত ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।